Socialঅপৰাধঅসম

অসম দেশৰ বিষম কথা, উপঢৌকন হিচাপে আৰক্ষী বিষয়াই ল’লে ৰাজহাঁহ

পুনৰ খাকী পোছাকত দাগ লগালে মেৰাপানীৰ আৰক্ষী থানাৰ এগৰাকী সহকাৰী আৰক্ষী উপ-পৰিদৰ্শকে

পুনৰ খাকী পোছাকত দাগ লগালে মেৰাপানীৰ আৰক্ষী থানাৰ এগৰাকী সহকাৰী আৰক্ষী উপ-পৰিদৰ্শকে। হাঁহ চোৰৰ অভিযোগত নিৰীহ লোকক মাৰপিট কৰি দাবী কৰিলে পঞ্চাশ হাজাৰ টকা, উপঢৌকন হিচাপ ল’লে ৰাজহাঁহ।

অসম পুলিচৰ আধুনিকীকৰণ, স্মাৰ্ট পুলিচৰ কথা কোৱা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ডিজিপি ভাস্কৰজ্যোতি মহন্তৰ সপোনক যেন চুৰমাৰ কৰিলে গোলাঘাট জিলাৰ মেৰাপানী থানাৰ প্ৰশান্ত বৰা নামৰ সহকাৰী উপ-পৰিদৰ্শকে।

সোমবাৰে নিশা হাঁহ চোৰৰ অভিযোগত ২ নং নৱজ্যোতি গাঁৱৰ মিনেশ্বৰ বৰা নামৰ ৫০ উৰ্ধৰ ব্যক্তিজনক থানালৈ মাতি নি হাহঁ চুৰৰ সন্দৰ্ভত সোধা-পোচা কৰে। কিন্তু অসহায় ব্যক্তিজনে হাঁহ চুৰ কৰাৰ কথা অস্বীকাৰ কৰাত ASI প্ৰশান্ত বৰাই উপৰ্যুপৰি প্ৰহাৰ কৰে ব্যক্তিজনক।

কেৱল মাৰপিট কৰাই নহয়, ব্যক্তিজনৰ পৰা প্ৰথমে পঞ্চাশ হাজাৰ টকা দাবী কৰে আৰক্ষী বিষয়াজনে। টকা নিদিলে ব্যক্তিজনক জে’ললৈ প্ৰেৰণ কৰাৰো ভাবুকি প্ৰদান কৰে। বৃহৎ পৰিমাণৰ ধন দিবলৈ অপৰাগ ব্যক্তিজনে ধন দিব নোৱাৰে বুলি কোৱাত শেষত পাঁচ হাজাৰ টকা দিবলৈ দাবী জনায় ASI বৰাই। কিন্তু অতি দৰিদ্ৰ পৰিয়ালৰ মিনেশ্বৰ বৰাই অৱশেষত ASI বৰাক নগদ এক হাজাৰ টকা আৰু এটা ৰাজহাঁহ দিয়াতহে থানাৰ পৰা মুকলি কৰি দিয়ে আৰক্ষীয়ে।

উল্লেখ্য যে, এইগৰাকী মেৰাপানী থানাৰ সহকাৰী উপ-পৰিদৰ্শক প্ৰশান্ত বৰাৰ বিৰুদ্ধে আৰু আছে বহু অভিযোগ। কিন্তু ইমানৰ পাছতো আৰক্ষীৰ উৰ্ধতম কৰ্তৃপক্ষই কি ব্যৱস্থা ল’ব সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

11 − 8 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.