অসম

মহানগৰীৰ ফাষ্টফুডৰ দোকানত ভয়ংকৰ অগ্নিকাণ্ড, চিলিণ্ডাৰৰ পৰা অগ্নিকাণ্ডৰ সন্দেহ

বিৰকুচিৰ নিবনুৱা যুৱক ৰাহুল বাৰ্মাই নাৰেংগীৰ কলংপাৰ বজাৰৰ চেক গেটত 'হাংৰী আন্না' নামৰ এখন ফাষ্ট ফুডৰ দোকান খুলি ব্যৱসায় চলাই আহিছিল

মহানগৰী নাৰেংগীৰ কলংপাৰ বজাৰৰ চেক গেটত বিধ্বংসী অগ্নিকাণ্ড। অগ্নিকাণ্ডত জাহ গ’ল এখন ফাষ্ট ফুডৰ দোকান। অগ্নিকাণ্ডত প্ৰায় ডেৰ লাখ টকাৰ সা-সম্পত্তি ভস্মীভূত হয়।

উল্লেখ্য যে, বিৰকুচিৰ নিবনুৱা যুৱক ৰাহুল বাৰ্মাই নাৰেংগীৰ কলংপাৰ বজাৰৰ চেক গেটত ‘হাংৰী আন্না’ নামৰ এখন ফাষ্ট ফুডৰ দোকান খুলি ব্যৱসায় চলাই আহিছিল।

মঙলবাৰে বিয়লি ফাষ্ট ফুডৰ ৰান্ধনীয়ে খাদ্য প্ৰস্তুত কৰি থকা সময়তে গেছ ছিলিণ্ডাৰৰ পৰা গেছ নিৰ্গত হৈ জুয়ে আগুৰি ধৰে। নিমিষতে জুয়ে মাৰাত্মক ৰূপ ধাৰণ কৰাত অঞ্চলতোত হুৱাদুৱা পৰিস্থিতিৰ সৃষ্টি হয়। লগে লগে স্থানীয় ৰাইজে ঘটনা সন্দৰ্ভত অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়াৰ লগতে জুই নিৰ্বাপনৰ চেষ্টা চলায়।

ৰাইজৰ তৎপৰতাত জুই নুমুওৱাত অঞ্চলটো ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা ৰক্ষা পৰে। পিছত অগ্নিনিৰ্বাপক বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ আংশিক জুই নুমুৱাবলৈ সক্ষম হয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twelve − 11 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.