অসমঅসম আৰক্ষী

অসম আৰক্ষীৰ বিশেষ পদক্ষেপ, মহিলা-শিশুৰ সুৰক্ষাত ব্ৰতী অসম আৰক্ষী…

ৰাজ্যৰ মূল আৰক্ষী থানাসমূহত বিশেষ মহিলা কোষৰ এনে সম্প্ৰসাৰণে লিংগভিত্তিক হিংসাৰ বলি হোৱা, বিপদত পৰা মহিলাসকলক বিচাৰি উলিওৱাৰ ক্ষেত্ৰত এক সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব।

ৰাজ্যত সঘনাই বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। বিশেষকৈ মহিলাৰ ক্ষেত্রত হোৱা অপৰাধজনিত ঘটনা ৰোধ কৰিবলৈ অসম আৰক্ষীয়ে হাতত লৈছে বিশেষ পদক্ষেপ। ৰাজ্যৰ ১০ জিলাত মহিলাৰ বাবে গঠন কৰা হৈছে বিশেষ কোষ।

 

মহিলা আৰু শিশুৰ বিৰুদ্ধে দৈনিক সংঘটিত হোৱা অপৰাধ নিৰ্মূলৰ প্ৰচেষ্টা অসম আৰক্ষীৰ। ডিব্ৰুগড়, শিৱসাগৰ, শোণিতপুৰ, নগাঁও, কামৰূপ(গ্ৰাম্য), কাৰ্বিআংলং, কাছাৰ, বৰপেটা, কোকৰাঝাৰ, ধুবুৰীত গঠন কৰা হ’ল বিশেষ কোষ।

 

বুধবাৰে আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়ত উন্মোচন কৰা হয় স্পেচিয়েল চেল ফৰ ৱ’মেন এণ্ড কমিউনিটী এপ্ৰ’ছ”ৰ ৷ এই কোষ আনুষ্ঠানিকভাৱে মুকলি কৰে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই৷  অসম চৰকাৰ আৰু মুম্বাইস্থিত “টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল ছায়েন্স”ৰ মাজত হোৱা বুজাবুজিৰ চুক্তিৰ ফলশ্ৰুতিতে ৰাজ্যৰ দহখন জিলাৰ বাবে এই নতুন কোষৰ শুভাৰম্ভ কৰা হয়৷

 

ৰাজ্যৰ মূল আৰক্ষী থানাসমূহত বিশেষ মহিলা কোষৰ এনে সম্প্ৰসাৰণে লিংগভিত্তিক হিংসাৰ বলি হোৱা, বিপদত পৰা মহিলাসকলক বিচাৰি উলিওৱাৰ ক্ষেত্ৰত এক সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × five =

Back to top button