খেলভাৰতস্বাস্থ্য

এছিয়ান গেইমছৰ স্বৰ্ণজয়ী বক্সাৰ ডিংকো সিঙৰ দেহাৱসান

মণিপুৰৰ প্ৰখ্যাত বক্সাৰ ডিংকো সিঙৰ ব্যক্তিগত চিকিৎসালয়ত মৃত্যু

এছিয়ান গেইমছৰ স্বৰ্ণজয়ী বক্সাৰ ডিংকো সিঙৰ দেহাৱসান। মণিপুৰৰ প্ৰখ্যাত বক্সাৰ ডিংকো সিং তথা ১৯৯৮ চনত বেংককত অনুষ্ঠিত এছিয়ান গেইমছৰ স্বৰ্ণ বিজয়ী নাংগোম ডিংকো সিঙৰ বৃহস্পতিবাৰে পুৱা ইম্ফলৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়৷

ডিংকোৱে যোৱা কিছুবছৰ ধৰি স্বাস্থ্যজনিত কাৰণত চিকিৎসাধীন হৈ থকাৰ মাজতে শেহতীয়াকৈ তেওঁ যকৃতৰ কৰ্কট ৰোগত আক্ৰান্ত হয়৷

বিগত বছৰত বক্সাৰ গৰাকী কভিড-১৯ ত আক্ৰান্ত হৈছিল যদিও চিকিৎসকৰৰ নিৰন্তৰ প্ৰচেষ্টাত আৰোগ্য লাভ কৰে৷ কিন্তু ভুতৰ ওপৰত দানৱ পৰাৰ দৰে যকৃতৰ কৰ্কট ৰোগে বক্সাৰ গৰাকীৰ অৱস্থা সংকটজনক হোৱাৰ কৰি তোলে আৰু তেওঁ দিল্লী এইমছত চিকিৎসাধীন হব লগা হয়৷ শেহতীয়াকৈ সুস্থ হৈ ডিংকোই ইম্ফললৈ উভতি অহাৰ পূৰ্বে ২০২০ চনৰ জানুৱাৰিত দিল্লীৰ ইনষ্টিটিউট অব লিভাৰ এণ্ড বিলিয়াৰী চাইন্সেছত (আইএলবিএছ) ৰেডিয়েশ্যন থেৰাপি কৰাইছিল। কিন্ত নিয়তীৰ ওচৰত হাৰ মানি বৃহস্পতিবাৰে পুৱা ইম্ফলৰএখন ব্যক্তিগত হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে৷

 মণিপুৰত জন্মগ্ৰহণ কৰা ডিংকোক ১৯৯৮ চনত অৰ্জুন বঁটা প্ৰদান কৰা হৈছিল আৰু ২০১৩ চনত তেওঁক দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰা হয়৷

 উল্লেখ্যে যে, ডিংকোৱে ভাৰতীয় নৌসেনাত এজন বিষয়া ৰূপে কৰ্মৰত হৈ থকাৰ মাজতে  প্ৰশিক্ষক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

ডিংকোৰ মৃত্যুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ টুইট কৰি শোক প্ৰকাশ কৰে৷ আনহাতে কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী কিৰেণ ৰিজিজু, মণিপুৰৰ মুখ্যমন্ত্ৰী বীৰেন সিং, অসমৰ মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মায়েও ক্ৰীড়াবিদ গৰাকীৰ মৃত্যুত গভীৰ শোকপ্ৰকাশ কৰে আৰু শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জনায়৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

thirteen + 11 =

Back to top button