অসমআঞ্চলিক

ডিজিপিৰ সন্মুখত কি কি চৰ্ত ৰাখিলে উৰ্বশী মৰাণে?

ধনৰ টোপোলা লৈ কোন গৈছিল উৰ্বশী মৰাণৰ ঘৰলৈ?

কয়লা খনিত কাম কৰিবলৈ গৈ সন্ধানহীন হোৱা প্ৰাঞ্জল মৰানৰ কথা আপোনালোক সকলোৱে জানে। চলিত বৰ্ষৰ ৬ জানুৱাৰীত লিডু কয়লা খনিত কাম কৰিবলৈ ঘৰৰ পৰা ওলাই গৈছিল প্ৰাঞ্জল মৰাণ।। কিন্তু ফেব্ৰুৱাৰীৰ ১ তাৰিখে লিডুৰ কয়লা খনিত দুজন লোক মৃত্যু হোৱাৰ বাতৰি প্ৰকাশৰ পিছত প্ৰাঞ্জলৰ খবৰ লৈছিল পৰিয়ালে। উপায়হীন হৈ স্বামীৰ মৃতদেহৰ সন্ধান বিচাৰি ডিজিপিৰ কাষ চাপিছিল মহিলাগৰাকী। ন্যায় বিচাৰি হাহাকাৰ কৰিছিল প্ৰাঞ্জল মৰাণৰ পত্নী উৰ্বশী মৰাণে।

উল্লেখ্য যে ঘটনাৰ গাপ দিবলৈ ধনৰ টোপোলা লৈ সত্য নামৰ এজন যুৱক গৈছিল উৰ্বশী মৰাণৰ ঘৰলৈ। স্বামীৰ মৃতদেহৰ সলনি দিয়া হৈছিল অকল্পনীয় ধনৰ প্ৰস্তাৱ। পিছে সত্যক কোনে পঠাইছিল উৰ্বশী মৰাণৰ ঘৰলৈ। আৰক্ষীয়ে বিছাৰি পাবনে প্ৰাঞ্জল মৰাণৰ মৃতদেহ।

ঘটনাৰ সন্দৰ্ভত এতিয়া কঠোৰ হৈছে আৰক্ষী সঞ্চালক প্ৰধান জিপি সিং। জিপি সিঙৰ বৃহৎ ঘোষণা। ‘ঘটনাৰে জড়িত কাকোকে ৰেহাই দিয়া নহব। লাগিলে সেয়া কোনো মন্ত্ৰী বিধায়কেই হওক।’ঘটনাত নাম সাঙুৰ খাইছে দুজন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ। নাম সাঙুৰ খাইছে লাংঠাচি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰতাপ গগৈ আৰু লিডু থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জ্যোতিশ ফুকন। দুই বিষয়াৰ ওপৰত খৰ্গহস্থ ডিজিপি জিপি সিং।

উল্লেখ্য যে, ডিজিপিৰ সন্মুখত তিনিটা বিশেষ চৰ্ত ৰাখিছিল উৰ্বশী মৰাণে।
চৰ্ত ১. স্বামীৰ মৃতদেহ উদ্ধাৰৰ ব্যৱস্থা কৰিব লাগিব।
চৰ্ত ২. ঘটনাৰে জড়িত থকা সকলোকে তদন্তৰ আওতালৈ আনিব লাগিব।
চৰ্ত ৩. সংস্থাপন আৰু ক্ষতি পূৰণ দিব লাগিব উৰ্বশী মৰাণ আৰু সন্তানক।
তিনিওটা চৰ্তই গুৰুত্ব সহকাৰে লোৱাৰ অশ্বাস DGP GP সিঙৰ। ৭ এপ্ৰিলৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিল কৰিব লাগিব IGP জিৎমল দলে। শণিবাৰে পুনৰ গুৱাহাটীলৈ আহি DGPক সাক্ষাৎ উৰ্বশী মৰাণৰ। উৰ্বশীৰ এতিয়া একমাত্ৰ ভৰশা DGP GP সিঙৰ ওপৰত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 + 10 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.