অপৰাধঅসমআঞ্চলিক

‘দুস্কৃতিকাৰীয়ে ৰাষ্ট্ৰীয় উদ্যানত দুস্কাৰ্য সংঘটিত কৰি সাৰি যাব নোৱাৰে’

বাগৰি গঁড় হত্যাৰ লগত জড়িতৰ সন্দেহত আটক তিনিটা চোৰাং চিকাৰী

২৬ মাৰ্চত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলত সংঘটিত হৈছিল শৰ্মা চৰকাৰৰ কাৰ্যকালৰ প্ৰথমটো গঁড় হত্যা। সকলোৰে মনত নিশ্চয়। এই ঘটনাৰ লগত জড়িত থকা অভিযোগত শুক্ৰবাৰে তিনিটা চোৰাং চিকাৰীক আটক কৰে আৰক্ষীয়ে। তেজপুৰ বৰঘাটৰ পৰা আটক কৰে ২টা চোৰাং চিকাৰী আৰু জখলাবন্ধাৰ পৰা আটক কৰি এটা চোৰাং চিকাৰীক। চোৰাং চিকাৰীকেইটা ক্ৰমে হাৰুণ ইছলাম, জুবান আলি আৰু ৰকেট আলি বুলি জানিব পৰা গৈছে।

চোৰাং চিকাৰী আটক কৰা সন্দৰ্ভত বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ মন্তব্য ‘অসমৰ প্ৰতিখন ৰাষ্ট্ৰীয় উদ্যানতে সষ্টম হৈ আছে চোৰাংচোৱা ৷ গতিকে দুস্কৃতিকাৰীয়ে ৰাষ্ট্ৰীয় উদ্যানত দুস্কাৰ্য সংঘটিত কৰি সাৰি যাব নোৱাৰে ৷’লগতে তেওঁ প্ৰকাশ কৰে যে চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত আৰক্ষী আৰু বন বিভাগৰ অভিযানত চোৰাং চিকাৰী কেইজন কৰায়ত্ত কৰিবলৈ সক্ষম হয়।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.