অসমআন্তঃৰাষ্ট্ৰীয়বোলছবি

চাহ বাগিচাৰ জীয়ৰীয়ে আজুৰিলে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিল ‘কুমু’-The Song of A Wingless Bird…

দেশ-বিদেশৰ বিভিন্ন চুটি ছবিৰ ভিতৰত কণমানিজনীয়ে আজুৰি আনিছে শ্ৰেষ্ঠ যুৱ অভিনেত্ৰীৰ সন্মান। নৱম শ্ৰেণীত অধ্যয়নৰত নয়নমণি মুৰাই জীৱনত অভিনয়ৰ অ আ ক খ নজনাকৈয়ে পোনপ্ৰথমবাৰৰ বাবে অভিনয়জগতত খোজ পেলায় এই 'কুমু' চুটি ছবিখনৰ জৰিয়তে।

অসমীয়া চলচ্চিত্ৰজগতৰ সোণালী দিন উভতি আহিছে। টৰণ্ট’ ইণ্টাৰনেশ্যনেল ৱমেন ফিল্ম ফেষ্টিভেলত উজ্বলিল অসম কন্যা। অভিনয়েৰে সন্মান বুটলি আনিলে নগাঁৱৰ ধনতোলা চাহ বাগিচাৰ জীয়ৰীয়ে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিছে অসমৰ ‘কুমু’।

 

চাহ বাগিচাৰ জীয়ৰীয়ে আজুৰিলে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিল 'কুমু'-The Song of A Wingless Bird...

নগাঁও চহৰৰ পৰা প্ৰায় ২৫কি:মি: নিলগৰ বৰবাৰীৰ ধনতোলা চাহবাগিচাৰ নয়নমণি মূৰাই আকাংক্ষা ভাগৱতীয়ে নিৰ্মাণ কৰা চুটি ছবি ‘কুমু’ৰ বাবে লাভ কৰিলে শ্ৰেষ্ঠ যুৱ অভিনেত্ৰীৰ বঁটা। আকাংক্ষা ভাগৱতীৰ চুটি ছবি ‘কুমু’-The Song Of A Wingless Birdত নয়নমণিয়ে কৰা অভিনয়ে ব্যাপক সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে টৰণ্ট’ ইণ্টাৰনেশ্যনেল ৱমেন ফিল্ম ফেষ্টিভেলত। কুমুৰ দুচকুত হাজাৰ সপোন। দুখে জুৰুলা কৰা ঘৰখনত সুৰাৰ ৰাগিয়ে মাতাল কৰা পিতৃৰ মাতৃৰ ওপৰত অত্যাচাৰ। এফালে ঘৰৰ দায়িত্ব, আনফালে আকাশ চুবৰ মন কুমুৰ।  সংগ্ৰাম, ত্য়াগ আৰু সপোনৰ কাহিনীৰ ওপৰত আধাৰত এই ছবিখনক লৈ এতিয়া যথেষ্ট আশাবাদী কলা-কুশলীসকল।

 

চাহ বাগিচাৰ জীয়ৰীয়ে আজুৰিলে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিল 'কুমু'-The Song of A Wingless Bird...

দেশ-বিদেশৰ বিভিন্ন চুটি ছবিৰ ভিতৰত কণমানিজনীয়ে আজুৰি আনিছে শ্ৰেষ্ঠ যুৱ অভিনেত্ৰীৰ সন্মান। নৱম শ্ৰেণীত অধ্যয়নৰত নয়নমণি মুৰাই জীৱনত অভিনয়ৰ অ আ ক খ নজনাকৈয়ে পোনপ্ৰথমবাৰৰ বাবে অভিনয়জগতত খোজ পেলায় এই ‘কুমু’ চুটি ছবিখনৰ জৰিয়তে।

চাহ বাগিচাৰ জীয়ৰীয়ে আজুৰিলে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিল 'কুমু'-The Song of A Wingless Bird...

এটা অতি পিছপৰা অঞ্চলৰ পিতৃহাৰা নয়নমণি মুৰাৰ সফলতাত এতিয়া উৎফুল্লিত ধনতোলা চাহ বাগিচাৰ লগতে সমগ্ৰ অসমৰ ৰাইজ। এতিয়া এই সফলতাৰ বাবে সকলোৱে শুভকামনাৰে ওপচাই পেলাইছে নয়নমণিক। কেৱল নয়নমণিয়েই নহয়, অসমৰ বহু পিছপৰা অঞ্চলত এতিয়াও লুকাই আছে বহু প্ৰতিভা। এই সকলোবোৰ প্ৰতিভা এইদৰেই প্ৰস্ফূটিত হওঁক তাৰেই কামনা কৰিছে বহুতেই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × four =

Back to top button