ৰাজ্যৰ ১৩খন জিলাৰ বিভিন্ন স্থানত কালৰূপ ধাৰণ কৰিছে ভয়াৱহ বানে….
ৰাজ্যৰ ১৩খন জিলাৰ বিভিন্ন স্থানত কালৰূপ ধাৰণ কৰিছে ভয়াৱহ বানে....
![ৰাজ্যৰ ১৩খন জিলাৰ বিভিন্ন স্থানত কালৰূপ ধাৰণ কৰিছে ভয়াৱহ বানে.... ৰাজ্যৰ ১৩খন জিলাৰ বিভিন্ন স্থানত কালৰূপ ধাৰণ কৰিছে ভয়াৱহ বানে....](https://prathamkhabartv.com/wp-content/uploads/2023/06/WhatsApp-Image-2023-06-19-at-9.46.24-AM-780x470.jpeg)
ৰাজ্যৰ ১৩খন জিলাৰ বিভিন্ন স্থানত কালৰূপ ধাৰণ কৰিছে ভয়াৱহ বানে। এই বানত ইতিমধ্যে আক্ৰান্ত হৈছে প্ৰায় ৩৮ হাজাৰ লোক। সমান্তৰালকৈ বানৰ বাবে হাহাকাৰ লাগিছে হাজাৰ হাজাৰ পশুধনৰ। ভূতৰ ওপৰত দানৱৰ দৰে প্ৰবল বৃষ্টিপাতে বানাক্ৰান্তৰ মাজত সৃষ্টি কৰিছে ভয়ংকৰ পৰিস্থিতিৰ।
২৩টা ৰাজহ চক্ৰ এলেকাত এই বানৰ ফলত হৈছে বিস্তৰ ক্ষতিসাধন। ইতিমধ্যে বানাক্ৰান্তৰ বাবে স্থাপন কৰা হৈছে ১৯টাকৈ সাহায্য শিবিৰ। বানৰ কবলত লখিমপুৰ, দৰং, ধেমাজি, হোজাই, বিশ্বনাথ, নগাঁও, শোণিতপুৰ, তিনিচুকীয়া, ওদালগুৰি, কাছাৰ, কামৰূপ (মঃ) আৰু নলবাৰী জিলাৰ বিস্তীৰ্ণ অঞ্চল। পুঠিমাৰী, কপিলী আৰু নোৱা নৈৰ বানে ধাৰণ কৰিছে ভয়ংকৰ ৰূপ।