ভাৰত

হোষ্টেলত মাংস বিতৰণক কেন্দ্ৰ কৰি সংঘাত, JNUত দুই ফৈদৰ মাজত অৰিয়া-অৰি…

জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ মন্তব্য অনুসৰি ABVPৰ গুণ্ডাবাহিনীয়ে নিজৰ ৰাজনৈতিক এজেণ্ডাৰ বাবে কাবেৰী হোষ্টেলত হিংসাত্মক পৰিৱেশৰ সৃষ্টি কৰে।

পুনৰ চৰ্চাত দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়। মাংস বিতৰণক কেন্দ্ৰ কৰি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় বিশ্ববিদ্যালয়খনত। ৰাম নৱমীৰ দিনটোতেই বিশ্ববিদ্যালয়ৰ বাওঁপন্থী ছাত্ৰ সংগঠন আৰু অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ মাজত সংঘাতৰ সৃষ্টি হয়।

 

হোষ্টেলৰ কেণ্টিনত মাংস বিতৰণক কেন্দ্ৰ কৰিয়েই ABVPৰ ছাত্ৰই বাওঁপন্থী ছাত্ৰৰ হোষ্টেলত মাৰপিট আৰম্ভ কৰে। দেওবাৰে বিয়লি ৩.৩০ বজাত কাবেৰী হোষ্টেলত সংঘটিত হোৱা এই কাণ্ডত আহত হয় ৬জন ছাত্ৰ।

 

আনহাতে, ABVPৰ ছাত্ৰৰ মন্তব্য অনুসৰি বাওঁপন্থী শিক্ষাৰ্থীয়ে কাবেৰী হোষ্টেলত ৰাম নৱমীৰ পূজা-অৰ্চনা কৰাত বাধা প্ৰদান কৰিছিল। এই ঘটনাক কেন্দ্ৰ কৰিয়েই বিশ্ববিদ্যালয়ৰ চৌহদত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয়।

 

কেৱল এয়াই নহয়, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ মন্তব্য অনুসৰি ABVPৰ গুণ্ডাবাহিনীয়ে নিজৰ ৰাজনৈতিক এজেণ্ডাৰ বাবে কাবেৰী হোষ্টেলত হিংসাত্মক পৰিৱেশৰ সৃষ্টি কৰে। তেওঁলোকে হোষ্টেলৰ মেছ কমিটীক খাদ্য তালিকা সলনি কৰিবলৈ বাধ্য কৰায়। মাংস বিতৰণ কৰি থকা লোকক আক্ৰমণ কৰে ABVPৰ ছাত্ৰসকলে। লগতে হোষ্টেল কেণ্টিনৰ সৈতে সৈতে জড়িত বাওঁপন্থী শিক্ষাৰ্থীসকলকো আক্ৰমণ কৰে ABVPৰ সদস্যই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

12 − 9 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.