অসমদৈনিক বাতৰিমনোৰঞ্জন

অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডঃ কমেলন্দু কৈৰীৰ বাসগৃহত মুখ্যমন্ত্রী, শিক্ষাগুৰুগৰাকীয়ে MICA সূত্ৰৰ যোগেদি আগুৱাই যাবলৈ দিলে পৰামৰ্শ

ডঃ কৈৰীৰ অধ্যক্ষতাৰ এসময়ত কটনৰ ছাত্ৰ আছিল মুখ্যমন্ত্রী শৰ্মা। প্ৰিয় ছাত্ৰজনক কাষত পাই নথৈ আনন্দিত হৈ পৰে প্ৰাক্তন অধ্যক্ষ কৈৰী।

অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডঃ কমেলন্দু কৈৰীৰ বাসগৃহত আজি উপস্থিত হয় মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা। বিশিষ্ট শিক্ষাবিদগৰাকীক সৌজন্যমূলক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ।

অসম সৌৰভ বঁটাৰ বাবে মনোনীত হৈছিল ডঃ কমেলন্দু কৈৰী। ডঃ কৈৰীৰ অধ্যক্ষতাৰ এসময়ত কটনৰ ছাত্ৰ আছিল মুখ্যমন্ত্রী শৰ্মা। প্ৰিয় ছাত্ৰজনক কাষত পাই নথৈ আনন্দিত হৈ পৰে প্ৰাক্তন অধ্যক্ষ কৈৰী।
মুখ্যমন্ত্ৰীগৰাকীক স্বাস্থ্যৰ যতন ল’বলৈ পৰামৰ্শ দিয়াৰ লগতে MICA সূত্ৰৰ যোগেদি বহুকেইটা পৰামৰ্শ দিলে শিক্ষাগুৰুগৰাকীয়ে।

M মানে মনিটৰিং, I মানে ইণ্ডাষ্ট্রী, C মানে কমাৰ্চ আৰু A মানে এগ্ৰিকালচাৰ।
চাৰিওটা দিশত গুৰুত্ব দি আগুৱাই যাবলৈ পৰামৰ্শ মুখ্যমন্ত্ৰীক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

13 + 10 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.