অসমউৎসৱগুৱাহাটীমনোৰঞ্জন

আজি আলি আঃয়ে লৃগাং! মিচিংসকলৰ পৰম্পৰাগত কৃষিভিত্তিক উৎসৱ আলি আঃয়ে লৃগাং

আজি মিচিংসকলৰ পৰম্পৰাগত কৃষিভিত্তিক উৎসৱ আলি আঃয়ে লৃগাং

আজি মিচিংসকলৰ পৰম্পৰাগত কৃষিভিত্তিক উৎসৱ আলি আঃয়ে লৃগাং। ৰাজ্যজুৰি উখল-মাখল পৰিৱেশ। প্ৰতিবছৰে ফাগুন মাহৰ প্ৰথমটো বুধবাৰে মিচিং জনগোষ্ঠীৰ লোকসকলে মাংগলিক ৰীতি-নীতিৰে পালন কৰে আলি আঃয়ে লৃগাং।

আজিৰ দিনটোত উপাস্য দেৱতা দঃঞি-পঃল আৰু পূৰ্ব-পুৰুষ সকললৈ পূজা অৰ্চনা আগবঢ়াই কৃষি কৰ্মত নামিব মিচিং লোকসকল। আজি কৃষি পথাৰত আহু ধান সিঁচে মিচিং জনগোষ্ঠীয় লোকসকলে। সাধাৰণতে মিচিংসকলে শস্য সিঁচাৰ লগতে দিনটোত অঞ্চলটোৰ ডেকা-গাভৰো, বুঢ়া মেথা সকলোৱে সমূহীয়াকৈ ভোজভাত খাই নানা নৃত্য গীত পৰিবেশন কৰে।

আজি আলি আঃয়ে লৃগাং! মিচিংসকলৰ পৰম্পৰাগত কৃষিভিত্তিক উৎসৱ আলি আঃয়ে লৃগাং

আজি আলি আঃয়ে লৃগাং! মিচিংসকলৰ পৰম্পৰাগত কৃষিভিত্তিক উৎসৱ আলি আঃয়ে লৃগাং

এই উৎসৱত ঐনিতমৰ গীতৰ সুৰত গুমৰাগ নৃত্য পৰিবেশন কৰি উৎসৱটি গীত মাতেৰে মুখৰিত কৰি তোলে মিচিং সম্প্ৰদায়ৰ লোকসকলে। গুমৰাগ নৃত্য হৈছে মিচিং সকলৰ প্ৰধান কৃষিভিত্তিক নৃত্য। বীজ ৰুৱা বা সিঁচাৰ পিছত ভৰি দুখনেৰে মোহাৰি দিঁওতে যি ৰূপত ভৰিৰ সঞ্চালন হয় তাৰে নৃত্যৰূপ হৈছে গুমৰাগ নৃত্যৰ মুখ্য মুদ্ৰা।

আলি আঃয়ে লৃগাং উপলক্ষ্যে আজি ঐনিতমৰ ধ্বনি, গুমৰাগ নৃত্যৰ চন্দেৰে মুখৰ ৰাজ্যৰ প্ৰতিটো মিচিং অধ্যুষিত অঞ্চল। সমান্তৰালভাৱে আপং, পোৰাঙৰ গোন্ধে আমোলমোলাইছে চৌদিশ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × 4 =

Back to top button