অসমদৈনিক বাতৰিৰাজনৈতিক

ত্ৰিপুৰাত কোনে মাৰিব শেষ হাঁহি, কাৰ দখলত যাব ত্ৰিপুৰাৰ শাসন…

কাৰ শাসনলৈ যাব ত্ৰিপুৰা ? কোনে মাৰিব শেষ হাঁহি। আজি নিৰ্ণয় হ’ব ভাগ্য

আজি ত্ৰিপুৰাৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। ২৫ বছৰীয়া বামপন্থী শাসনৰ অন্ত পেলাই ২০১৮ চনত আৰম্ভ হৈছিল বিজেপিৰ শাসন । ত্ৰিপুৰাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী মানিক স‍াহা আছে বিজেপিৰ নেতৃত্বত। মুখ্যমন্ত্ৰী গৰাকী সম্পূৰ্ণৰূপে বিশ্বাসী ত্ৰিপুৰাত বিৰোধীবিহীন চৰকাৰ গঠন কৰিবলৈ ।

ভোটদান আৰম্ভ হোৱাৰ কিছু সময়ৰ পিছতেই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ত্ৰিপুৰাৰ জনসাধাৰণক ‘‘অভিলেখ সংখ্যাত ভোট দিবলৈ আৰু গণতন্ত্ৰৰ উৎসৱ শক্তিশালী কৰিবলৈ’’ আহ্বান জনায়। এক টুইটযোগে প্ৰধানমন্ত্ৰী মোদীয়ে যুৱসকলক তেওঁলোকৰ ভোটাধিকাৰ সাৱ্যস্ত কৰিবলৈ আহ্বান জনায়।

ত্ৰিপুৰাত কোনে মাৰিব শেষ হাঁহি, কাৰ দখলত যাব ত্ৰিপুৰাৰ শাসন…

ত্ৰিপুৰাৰ ৬০ টা সমষ্টিৰ ৩৬.৭৪ লাখ লোকে এক পৰিৱৰ্তনৰ আশাত বিজেপিক জয়ী কৰাইছিল যদিও এতিয়াও সেই আশাতেই বন্দী ত্ৰিপুৰাৰ লোক। দুটা দশকৰ বাওঁদলৰ শাসন ওফৰাই দি ক্ষমতা হস্তগত কৰিছিল দলটোৱে।

পুনৰ আশাবাদী বিজেপি, বিজেপিয়ে আশা কৰি আছে পুনৰ তেওঁলোকৰ শাসনৰ দপদপনি চলিব। কিন্তু মানুহৰ মাজত চৰ্চা চলিছিল যে বিজেপিয়ে বিচৰা ধৰণে শাসন দিব পৰা নাছিল।

এইবাৰ নিৰ্বাচনত কংগ্ৰেছ আৰু চিপিআই(এম)য়ে একেলগে প্ৰতিদ্বন্দিতা কৰিছে। ২০১৮ চনত চিপিআইয়ে ১৬খন আসন লাভ কৰিছে। কংগ্ৰেছে এখনো আসন লাভ কৰা নাছিলে।এইবাৰ চিপিআই(এম) ৪৬খন আসনত আৰু কংগ্ৰেছে ১৩ খন আসনত প্ৰতিদ্বন্দিতা কৰিছে।

ত্ৰিপুৰাত কোনে মাৰিব শেষ হাঁহি, কাৰ দখলত যাব ত্ৰিপুৰাৰ শাসন…

আজি ভোটাৰৰ হাতত ন্যস্ত ভৱিষ্যত। আজিৰ দিনটোৰ ওপৰত ভিত্তি কৰিয়েই আগন্তুক মাৰ্চ মাহৰ ২ তাৰিখে অন্ত পৰিব সকলো কল্পনা জল্পনাৰ। কাৰ শাসনলৈ যাব ত্ৰিপুৰা ? কোনে মাৰিব শেষ হাঁহি। আজি নিৰ্ণয় হ’ব ভাগ্য
এতিয়া প্ৰশ্ন কাৰ হাতলৈ যাব ত্ৰিপুৰাৰ শাসনৰ বাঘজৰী।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one + sixteen =

Back to top button