Socialঅৰ্থনৈতিকঅসম
Trending

শীঘ্ৰে গুৱাহাটীত উপলব্ধ হ’ব সুৰাৰ হোম ডেলিভাৰী, কোনে কোনে কৰিব পাৰিব সুৰাৰ অনলাইন অৰ্ডাৰ?

অনুজ্ঞাপত্ৰ থকা সুৰা বিপণীয়েহে অনলাইনযোগে পাব বিক্ৰীৰ সুবিধা

এতিয়াৰে পৰা গুৱাহাটী মহানগৰীত উপলব্ধ হ’ব অনলাইন সুৰা। অতি শীঘ্ৰে গুৱাহাটীত উপলব্ধ হ’ব সুৰাৰ হোম ডেলিভাৰী।

এই সন্দৰ্ভত জাৰি কৰা হৈছে ৰাজপত্ৰিত জাননী৷ সুৰাৰ বিক্ৰীৰ ক্ষেত্ৰত বান্ধি দিয়া হৈছে কেতবোৰ নীতি-নিৰ্দেশনা।অনুজ্ঞাপত্ৰ থকা সুৰা বিপণীয়েহে অনলাইনযোগে বিক্ৰীৰ সুবিধা পাব। এক বিশেষ এপযোগে বিপণীসমূহে বিক্ৰী কৰিব পাৰিব বিদেশী সুৰা। বিপণীসমূহে আবকাৰী বিভাগৰ ওচৰত পঞ্জীয়ন কৰাৰ লগতে ডেলিভাৰী এজেণ্টৰ সবিশেষ তথ্যও জমা দিব লাগিব আৱকাৰী বিভাগক।

কোনে কোনে কৰিব পাৰিব সুৰাৰ অনলাইন অৰ্ডাৰ?
📌সুৰা ডেলিভাৰী কৰাৰ বাবে ডেলিভাৰী এজেণ্টৰ বয়স ২১ বছৰৰ কম হ’ব নোৱাৰিব।
📌সুৰা অৰ্ডাৰ কৰিবৰ বাবে নিৰ্দিষ্ট অনলাইন প’ৰ্টেলত নাম আৰু বয়সৰ প্ৰমাণ দিব লাগিব গ্ৰাহকে।

ক’ত-ক’ত নিষিদ্ধ সুৰাৰ ডেলিভাৰী?
📌শিক্ষানুষ্ঠানৰ হোষ্টেল, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, ধৰ্মীয় স্থানত দিয়া নহ’ব সুৰাৰ ডেলিভাৰী।
📌এজন গ্ৰাহকে সৰ্বাধিক ৩ লিটাৰ পৰ্যন্ত অৰ্ডাৰ দিব পাৰিব সুৰা।
📌ডেলিভাৰী এজেণ্টে একেসময়তে কঢ়িয়াব পাৰিব ৯ লিটাৰ সুৰা।

হোম ডেলিভাৰীৰ বিনিময়ত গ্ৰাহকে কিমান দিব লাগিব অতিৰিক্ত ধন?
📌নিৰ্দিষ্ট ডেলিভাৰী চাৰ্জ, ছাৰ্ভিচ চাৰ্জ আদিৰ উপৰি কোনো চাৰ্জ ল’ব নোৱাৰিব বিপণীয়ে
📌১ কিঃমিঃতকৈ কম দূৰত্বৰ বাবে ৫০টকা অতিৰিক্ত চাৰ্জ দিব লাগিব ৷
📌১-২ কিঃমিঃৰ ভিতৰত চাৰ্জ হ’ব ৭৫ টকা ৷
📌অৰ্ডাৰ পোৱাৰ ১০ মিনিটৰ ভিতৰত বিপণীয়ে অৰ্ডাৰ গ্ৰহণ কৰিব লাগিব।
📌ৰাজ্যৰ ভিতৰতে প্ৰথমাৱস্থাত গুৱাহাটী পৌৰ নিগম এলেকাত সীমিত থাকিব এই সুবিধা।
📌পৰৱৰ্তী পৰ্যায়ত সমগ্ৰ ৰাজ্যতে উপলব্ধ হ’ব অনলাইন যোগে সুৰা ক্ৰয়ৰ সুবিধা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.