Educationজম্মু-কাশ্মীৰ
Trending

লাডাখত স্থাপন হ’ব কেন্দ্ৰীয় বিশ্ববিদ্যালয়, কেন্দ্ৰীয় কেবিনেটে জনালে অনুমোদন

বৃহস্পতিবাৰে কেন্দ্ৰীয় কেবিনেটে এই বিশ্ববিদ্যালয় স্থাপনৰ বাবে অনুমোদন জনায়

লাডাখত স্থাপন হ’ব কেন্দ্ৰীয় বিশ্ববিদ্যালয়। বৃহস্পতিবাৰে কেন্দ্ৰীয় কেবিনেটে এই বিশ্ববিদ্যালয় স্থাপনৰ বাবে অনুমোদন জনায়।

৭৫০ কোটি টকা ব্যয়ৰে বিশ্ববিদ্যালয় নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে। নতুন প্ৰতিষ্ঠানখন স্থাপনৰ জৰিয়তে জম্মু আৰু কাশ্মীৰত শিক্ষাৰ মানদণ্ডৰ উৎকৃষ্ট সাধন কৰাৰ চেষ্টা চলোৱা হ’ব বুলি জনায় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

খালচী গাঁৱৰ কাষতে থকা ১১০ বিঘা মাটিত কেন্দ্ৰীয় বিশ্ববিদ্যালয়খন স্থাপনৰ কথা ঘোষণা কৰিছে চৰকাৰে। লেহ আৰু কাৰ্গিলৰ মাজত থকা এই অঞ্চলত বিশ্ববিদ্যালয় স্থাপন কৰিলে দুয়োখন ঠাইৰ ছাত্ৰ-ছাত্ৰীসকল লাভান্বিত হ’ব বুলি আশাবাদী কেন্দ্ৰীয় চৰকাৰ।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 + three =

Back to top button