অসমআঞ্চলিকদৈনিক বাতৰি

ভৰা লুইতত ডুব গ’ল বিলাসী ৰেষ্টুৰেন্ট

লকডাউনৰ বাবে বহু দিন ধৰি বন্ধ হৈ আছিল জাহাজখনৰ লগতে ৰেষ্টুৰেন্টখন

ৰাজ্যত ভদীয়া বানে সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়তে ব্ৰহ্মপুত্ৰৰ বুকুত ডুব গ’ল এখন বিলাসী ৰেষ্টুৰেন্ট।

বৃহস্পতিবাৰে নিশা, ফাঁচীবজাৰ ঘাটত থকা SOUTH COAST নামৰ ৰেষ্টুৰেন্টখনত পানী সোমোৱাৰ ফলত লুইতত ডুব যায় জাহাজখন।

উল্লেখ্য যে, লকডাউনৰ বাবে বহু দিন ধৰি বন্ধ হৈ আছিল জাহাজখনৰ লগতে ৰেষ্টুৰেন্টখন। জাহাজখন সুমিত বেৰীয়া নামৰ ব্যক্তিগৰাকীৰ আছিল বুলি জানিব পৰা গৈছে।

শুকুৰবাৰে পুৱা, প্ৰশাসনৰ লোক আহি জাহাজখন প্ৰত্যক্ষ কৰে যদিও বৰ্তমানলৈকে জাহাজখন উদ্ধাৰৰ ক্ষেত্ৰত লোৱা নাই কোনো ধৰণৰ পদক্ষেপ।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

9 + 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.