আন্তঃৰাষ্ট্ৰীয়দৈনিক বাতৰিপৰিৱেশপ্ৰাকৃতিক দুৰ্যোগবতৰ

নিউয়ৰ্কত বানপানী, বানে প্ৰাণ কাঢ়িলে ৪৮জন নাগৰিকৰ

বানৰ ফলত হঠাতে সাগৰসদৃশ পৰিৱেশলৈ ৰূপান্তৰ হয় নিউয়ৰ্কৰ বাট-পথ

হঠাতে অহা বিধ্বংসী বানে ধুই নিলে নিউয়ৰ্ক। মুষলধাৰ বৰষুণে উটুৱালে ঘৰ-দুৱাৰ। বানপানীয়ে নিউয়ৰ্ক, নিউ জাৰ্ছী, পেনিনছোলা আৰু কানেক্টিকাটৰ বহু লোকৰ ঘৰ ধ্বংস কৰে।

বৃহস্পতিবাৰে, নিউয়ৰ্কত ঘূৰ্ণী বতাহ হাৰিকেন IDAই প্ৰাণ কাঢ়িলে ৪৮ জন নাগৰিকৰ। ঘূৰ্ণী বতাহৰ লগতে হোৱা প্ৰচণ্ড বৰষুণৰ বাবে, নিউয়ৰ্কত হঠাৎ বৃদ্ধি পায় জলস্তৰ। বানে সংহাৰী ৰূপ ধাৰণ কৰে নিউয়ৰ্কত। বানৰ ফলত হঠাতে সাগৰসদৃশ পৰিৱেশলৈ ৰূপান্তৰ হয় নিউয়ৰ্কৰ বাট-পথ।

এই বিধ্বংসী প্ৰাকৃতিক দুৰ্যোগৰ মুখামুখি হোৱা নাগৰিকে জীৱনকালত এনেধৰণৰ দুৰ্যোগৰ সন্মুখীন নোহোৱাৰ কথা উল্লেখ কৰে।

বৃহস্পতিবাৰে আবেলি পেনিনছোলাৰ ৩৮,০০০ ঘৰ, নিউ জাৰ্ছীত ২৪,০০০টা আৰু নিউয়ৰ্কত ১২,০০০টা ঘৰত কৰ্তন হয় বিদ্যুৎ সংযোগ। ধুমুহাৰ বাবে নিউয়ৰ্কত বাতিল কৰা হৈছে শতাধিক বিমান। স্তব্ধ হৈ পৰিছে বিমানসেৱা। অৱশ্যে এতিয়াও নিউয়ৰ্কত অব্যাহত আছে উদ্ধাৰ অভিযান।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.