Socialঅসমদৈনিক বাতৰি

বিশিষ্ট কবি সনন্ত তাঁতিৰ দেহাৱসান

দিল্লীৰ এপল’ হাস্পতালত শেষনিশ্বাস ত্যাগ সনন্ত তাঁতীৰ

বিশিষ্ট কবি সনন্ত তাঁতিৰ দেহাৱসান। দিল্লীৰ এপল’ হাস্পতালত শেষনিশ্বাস ত্যাগ তাঁতিৰ

সত্তৰ দশকত আত্মপ্ৰকাশ কৰা অসমীয়া সাহিত্যৰ এগৰাকী যশস্বী কবি হ’ল সনন্ত তাঁতি। ১৯৫২ চনত কৰিমগঞ্জৰ কালীবাৰী চাহ বাগিচাত জন্মগ্ৰহন কৰা কবিগৰাকী অসমৰ কালীনগৰ চাহবাগিচাৰ এটি ওড়িয়া শ্ৰমিক পৰিয়ালত জন্মগ্ৰহণ কৰি বঙলা ভাষাত শিক্ষা লয়। তাৰ পাছত অসমীয়া ভাষাত উল্লেখযোগ্য কবিতা ৰচনা কৰি বহু কেইটা বঁটা লাভ কৰাৰ উপৰিও ২০১৮ বৰ্ষত ‘কাইলৈৰ দিনটো আমাৰ হব’ কাব্যগ্ৰন্থৰ বাবে অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা পাবলৈ সক্ষম হয়। মাটি আৰু মানুহৰ জয়গান গোৱা কবিয়ে জীৱনৰ মহত্ত্ব সমূহক তেওঁৰ কবিতাত সুন্দৰকৈ উপস্থাপন কৰিছিল। অৱহেলিত আৰু শোষিত মানুহৰ প্ৰতি থকা সামাজিক দায়বদ্ধতা বাস্তবায়নৰ প্ৰচেষ্টা তেওঁৰ কবিতাত বলিষ্ঠৰূপে প্ৰতিফলিত হৈছে।

মৃত্যুৰ সময়ত কবিগৰাকীৰ বয়স হৈছিল ৬৯ বছৰ। দীৰ্ঘদিনে জটিল ৰোগত আক্ৰান্ত আছিল কবিগৰাকী।

 

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen − 15 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.