অসমউৎসৱকৃষিখাদ্যজীৱনশৈলীমনোৰঞ্জন

গৰু বিহুৰ দিনা এশ এবিধ শাক-পাছলি খোৱাটো অসমীয়া সমাজৰ পৰম্পৰা! কিন্তু কিয় খোৱা হয় সাতশাকী?

এই শাকবোৰৰ সকলোবোৰ পোৱা সম্ভৱ ন‘হলেও বহুতে ইয়াৰে সাতবিধ শাক আনি ব্যঞ্জন কৰি খায়। সেইবাবেই ইয়াক বহুতে সাতশাকী বুলিও কয়।

গৰু বিহুত ব্যৱহৃত শাক-পাছলি 

অসমৰ বহু সমাজৰ লোকে গৰু বিহুৰ দিনাই এশ এবিধ শাক-পাছলি একেলগে ৰান্ধি গ্ৰহণ কৰে।

অৱশ্যে অসমৰ বহু ঠাইত সাতবিহুৰ দিনাহে এই প্ৰথা প্ৰচলিত হোৱা দেখা যায়। এই ক্ষেত্ৰত ব্যৱহৃত বিভিন্ন শাক-পাছলি তলত উল্লেখ কৰা হ’ল। আজিকালি সকলো শাক-পাচলি বিচাৰি পোৱা নাযায় যদিও বেছিভাগেই এতিয়াও পোৱা যায়। সেইবোৰ হৈছে-

১) অমিতাফুল

২) অমৰা ফুল

৩) অশোক ফুল

৪) আৰফুল

৫) আমৰ মল

৬) আনাৰসৰ কোঁহ

৭) আলুগুটিৰ পাত

৮) আদাপাত

৯) আগেজলা

১০) ওলকচুপাত

১১) ওলকবি পাত

১২) কঁঠালৰ মুচি

১৩) কেঁহেৰাজ শাক

১৪) কচুশাক

১৫) কুঁহিয়াৰ পাতৰ আগ

১৬) কুকুৰাঠেঙীয়া

১৭) কোৱাভাতুৰি

১৮) কেঞাবন

১৯) কাচিপকা

২০) কাঁছকল পাত

২১) কাঠ আলু পাত

২২) কৰ্দৈ পাত

২৩) কলমৌ শাক

২৪) কুহিলা পাত

২৫) কলপচলা

২৬) কোমোৰা পাত

২৭) কেৰেলা পাত

২৮) খুতৰা শাক

২৯) গাখীৰতী

৩০) গাজৰ পাত

৩১) গৰুখিচ

৩২) চুকাশাক

৩৩) চজিনা পাত

৩৪) চালকুঁৱৰী আগ

৩৫) চিৰতা পাত

৩৬) চয়াবিন পাত

৩৭) জিলমিল শাক

৩৮) জেতুলীপকা পাত

৩৯) জালুকপাত

৪০) জলকীয়া পাত

৪১) জবাফুল

৪২) জ্যেষ্ঠমধু পাত

৪৩) জৱেত্ৰী

৪৪) জাতিলাউ পাত

৪৫) জিকা পাত

৪৬) টিকনি বৰুৱা

৪৭) টুপুৰী লতা

৪৮) টেঙামৰা

৪৯) টেঙেচি টেঙা

৫০) তিতাফুল

৫১) তিল পাত

৫২) তুলসী

৫৩) তিঁয়হ পাত

৫৪) থেকেৰা পাত

৫৫) থেৰেজু পাত

৫৬) দাংবদি

৫৭) দোৰোণশাক

৫৮) সোণবৰীয়াল

৫৯) দুপৰটেঙা

৬০) ধুন্দুলি পাত

৬১) ধতুৰা

৬২) ধনিয়া

৬৩) ঢেকীয়াশাক

৬৪) নৰসিংহ

৬৫) নহৰু পাত

৬৬) নেফাফু

৬৭) নুনি পাত

৬৮) নিলাজী বন

৬৯) পিৰালি পালেং

৭০) পিঁয়াজপাত

৭১) পদিনা

৭২) পিৰালি কুঁৱৰী

৭৩) পটল পাত

৭৪) পালেং

৭৫) পুৰৈশাক

৭৬) পনৌনৌৱা

৭৭) পচতীয়া

৭৮) পিপলি

৭৯) ব্ৰাহ্মীশাক

৮০) বিলাহী পাত

৮১) বন্ধাকবি

৮২) বনজালুক

৮৩) বেতগাজ পাত

৮৪) বেঙেনা পাত

৮৫) বৰথেকেৰা পাত

৮৬) বিহলঙনি

৮৭) বকফুল

৮৮) বৰমানিমুনি

৮৯) বৰবৰীয়াল

৯০) বৃন্দাবন

৯১) বহমথুৰি

৯২) বিশল্যকৰণি

৯৩) ভেদাইলতা

৯৪) ভাঙৰ আগ

৯৫) ভৃঙ্গৰাজ

৯৬) ভেকুৰি তিতা

৯৭) ভেটফুল

৯৮) মাটিকাঁদুৰি

৯৯) সৰু মানিমুনি

১০০) মহানিম

১০১) মচন্দৰী

১০২) মানধনিয়া

১০২) মৰলীয়া পাত

১০৩) মৰিচা

১০৪) মেথিশাক

১০৫) মেটেকা

১০৬) মৰাপাট

১০৭) মধুৰী আম পাত

১০৮) মধুসোলেং

১০৯) মূলাশাক

১১০) ৰঙালাউ আগ

১১১) লফাশাক

১১২) লাইজাবৰী

১১৩) লাইশাক

১১৪) শেৱালি ফুল

১১৫) সৰিয়হ শাক

১১৬) শুকলতি

১১৭) হাতীখুতৰা

১১৮) হেলচী শাক ইত্যাদি।

এই শাকবোৰৰ সকলোবোৰ পোৱা সম্ভৱ ন‘হলেও বহুতে ইয়াৰে সাতবিধ শাক আনি ব্যঞ্জন কৰি খায়। সেইবাবেই ইয়াক বহুতে সাতশাকী বুলিও কয়। কিছুমানৰ মতে ব‘হাগ বিহুৰ সাতদিনৰ দিনাহে এইবোৰ শাক খাব লাগে বাবে সাতশাকী বুলি কয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 + ten =

Back to top button