অপৰাধঅসম

আৰক্ষীৰ জালত মালিগাঁৱৰ তৰুণ ডেকাৰ হত্যাকাৰী, কিছুদিন পূৰ্বে কাঠৰ বাটামেৰে মৰিয়াই হত্যা কৰা হৈছিল তৰুণ ডেকাক

ঘটনাৰ দিন ধৰি আৰক্ষীয়ে অব্যাহত ৰাখিছিল অভিযান। কেমেৰাৰ ফুটেজ চাই আৰক্ষীয়ে সকলো ঠাইতে বিচাৰি চলাথ কৰিছিল তৰুণ ডেকাৰ হত্যাকাৰীক।

আৰক্ষীৰ জালত মালিগাঁও হত্যাকাণ্ডৰ হত্যাকাৰী। কিছুদিন পূৰ্বে মালিগাঁৱৰ বিপুল কমপ্লেক্সত কাঠৰ বাটামেৰে মৰিয়াই মৰিয়াই হত্যা কৰা হৈছিল এজন লোকক।

বিপুল কমপ্লেক্সৰ নৈশ চকীদাৰ তৰুণ ডেকা নামৰ লোকজনক কাঠৰ বাটামেৰে হত্যা কৰিছিল এজন অচিনাক্ত লোকে।
CCTV কেমেৰাত বন্দী হৈছিল হত্যাকাণ্ডৰ শিহৰণকাৰী দৃশ্য। অচিনাক্ত লোকজনৰ প্ৰহাৰত ঢলি পৰিছিল তৰুণ ডেকা। অৱশেষত প্ৰচণ্ড আঘাতত মৃত্যুক সাবটি লৈছিল দুৰ্ভগীয়া তৰুণ ডেকাই।

ঘটনাৰ দিন ধৰি আৰক্ষীয়ে অব্যাহত ৰাখিছিল অভিযান। কেমেৰাৰ ফুটেজ চাই আৰক্ষীয়ে সকলো ঠাইতে বিচাৰি চলাথ কৰিছিল তৰুণ ডেকাৰ হত্যাকাৰীক।

অৱশেষত কোচবিহাৰৰ পৰা জালুকবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তৰুণ ডেকাৰ হত্যাকাৰীক। অৱশ্যে, আৰক্ষীয়ে এতিয়ালৈকে প্ৰকাশ কৰা নাই হত্যাকাৰীৰ নাম। লগতে কিহৰ বাবে ব্যক্তিজনে তৰুণ ডেকাক হত্যা কৰিছিল সেয়া আৰক্ষীৰ তদন্তত পৰৱৰ্তী সময়তহে পোহৰলৈ আহিব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 + 13 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.