nationalpoliticalদিল্লীদৈনিক বাতৰিভাৰত

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ : অঘৰী কুকুৰৰ স্থানান্তৰ

“অতি ভয়াৱহ” দিল্লীৰ অঘৰী কুকুৰৰ পৰিস্থিতি বুলি অভিহিত কৰিলে উচ্চতম ন্যায়ালয়ে। সোমবাৰে দিল্লী চৰকাৰ আৰু নাগৰিক সংস্থাসমূহক তৎক্ষণাত নিৰ্দেশ দিয়ে যে সকলো অঞ্চলৰ কুকুৰক আঁতৰাই নিৰ্দিষ্ট আশ্ৰয় স্থানান্তৰলৈ নিয়াৰ নিৰ্দেশ।

ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু আৰ মহাদেৱানৰ বিচাৰপীঠত নিৰ্দেশ কৰা হয় প্ৰায় ৫ হাজাৰ কুকুৰ ৰখাৰ ক্ষমতা থকা আশ্ৰয় শিবিৰ। বন্ধ্যাকৰণ আৰু টিকাকৰণ নিশ্চিত কৰিবলৈ পৰ্যাপ্ত কৰ্মচাৰীও স্থাপন কৰিব লাগিব।

আদালতৰ স্পষ্ট নিৰ্দেশ যে এবাৰ তুলি লোৱাৰ পিছত কুকুৰবোৰক পুনৰ ৰাজপথ, কলনী বা অন্যান্য ৰাজহুৱা স্থানত এৰি দিব নোৱাৰিব। কুকুৰবোৰে কামোৰাকলৈ, বিশেষকৈ সৰু ল’ৰা-ছোৱালীক আক্ৰান্ত কৰা কাণ্ডসমূহ ৰোধ কৰিবলৈ বৃহত্তৰ জনস্বাৰ্থত নিৰ্দেশনা জাৰি কৰা হৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

10 + two =

Back to top button