সামৰনি পৰিল সদৌ অসম সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় অধিবেশন
সামৰনি পৰিল সদৌ অসম সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় অধিবেশন
সামৰনি পৰিল সদৌ অসম সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় অধিবেশন। বাৰেৰহনীয়া জনগোষ্ঠীয় কৃষ্টি প্ৰদৰ্শনেৰে সামৰনি পৰিল কেন্দ্ৰীয় অধিবেশনখন। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছিল অধিৱেশন। অন্তিম দিনাৰ কাৰ্যসূচীত ১৫০০ নাচনীয়ে একেলগে পৰিৱেশন কৰে সোনোৱাল কছাৰী পৰম্পৰাগত লেছেৰী নাচ। ১৫০০ নাচনীৰ লেছেৰী নাচে একপ্ৰকাৰ চমক সৃষ্টি কৰিলে এই অধিবেশনত । দ্বিতীয় দিনাৰ কাৰ্যসূচীত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীও। আনহাতে, অন্তিম দিনাৰ কাৰ্যসূচীত উপস্থিত থাকে সাংস্কৃতিক মন্ত্ৰী বিমল বৰা।