অপৰাধঅসমঅসম আৰক্ষী

হাজোত আৰক্ষীৰ বৃহৎ অভিযান! জব্দ প্ৰায় লক্ষাধিক টকাৰ সন্দেহজনক সামগ্ৰী

ইতিমধ্যে হাজো আৰক্ষীয়ে আৰু অধিক তথ্যৰ বাবে অব্যাহত ৰাখিছে মাৰাথান জেৰা

হাজোৰ শনিয়াদিত দুটাকৈ ড্ৰাগছ মাফিয়াৰ ঘৰত হাজো আৰক্ষীয়ে পুৱতি নিশালৈ চলালে বৃহৎ অভিযান। আৰক্ষীৰ এই অভিযানত জব্দ হৈছে প্ৰায় লক্ষাধিক টকাৰ সন্দেহজনক হেৰ’ইন আৰু চাৰিটাকৈ চুৰি টিভি আৰু নগদ ধন। লগতে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে ড্ৰাগছ মাফিয়া মুক্তাৰ আলী আৰু চফিকুল হকক।

অভিযানকালত হাজো আৰক্ষীয়ে, দুয়োটা ড্ৰাগছ মাফিয়াৰ ঘৰৰ পৰা ৭৫ টা ভৰ্তি কন্টেইনাৰ আৰু এটা ভৰ্তি প্লাষ্টিক পেকেট সহ মুঠ ২৬ গ্ৰাম হেৰ’ইন, চাৰিটা চুৰি LED টিভি আৰু নগদ দহ হাজাৰ ধন জব্দ কৰিবলৈ সক্ষম হৈছে। ইতিমধ্যে এই কুখ্যাত দুই ড্ৰাগছ মাফিয়াক হাজো আৰক্ষীয়ে আৰু অধিক তথ্যৰ বাবে অব্যাহত ৰাখিছে মাৰাথান জেৰা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.