অপৰাধধৰ্মীয়ধাৰ্মিক

খ্ৰীষ্টান ধৰ্মগুৰুক গুলীয়াই হত্যা! পাকিস্তানত সংখ্যালঘুৰ ওপৰত চলিছে নেকি আক্ৰমণ?

প্ৰাৰ্থনা কৰি ঘৰলৈ উভতি অহা এজন খ্ৰীষ্টান ধৰ্মগুৰুক গুলীয়াই হত্যা কৰা হ'ল পাকিস্তানত।

প্ৰাৰ্থনা কৰি ঘৰলৈ উভতি অহা এজন খ্ৰীষ্টান ধৰ্মগুৰুক গুলীয়াই হত্যা কৰা হ’ল পাকিস্তানত।
পাকিস্তানৰ উত্তৰ-পশ্চিম চহৰ পেছোৱাৰত দেওবাৰৰ প্ৰাৰ্থনাৰ পিছত ঘৰলৈ উভতি অহা এজন খ্ৰীষ্টান ধৰ্মগুৰুক অচিনাক্ত বন্দুকধাৰীয়ে গুলীয়াই হত্যা কৰে লগতে আন এজনো আহত হয়।

পাকিস্তানৰ উত্তৰ-পশ্চিম চহৰ পেছোৱাৰত দেওবাৰৰ প্ৰাৰ্থনাৰ পিছত ঘৰলৈ উভতি অহা এজন খ্ৰীষ্টান ধৰ্মগুৰুক অচিনাক্ত বন্দুকধাৰীয়ে গুলীয়াই হত্যা কৰাৰ লগতে আন এজন আহত হয়।

তথ্য অনুসৰি, পেছোৱাৰৰ গুলবাহাৰ অঞ্চলত হোৱা আক্ৰমণত খ্ৰীষ্টান ধৰ্মগুৰু বিশপ উইলিয়াম চিৰাজক কেইবাজাই গুলী ফুটাই হত্যা কৰা হয়। আনহাতে লগত থকা ফাদাৰ নাইম পেট্ৰিক আঘাতপ্ৰাপ্ত হয়।
আৰক্ষীৰ মতে, তেওঁলোকে মটৰ চাইকেলত পলাই যোৱা আক্ৰমণকাৰীক বিচাৰি উলিয়াবলৈ চিচিটিভি ফুটেজৰ ভিত্তিত তদন্ত আৰম্ভ কৰিছে।

পাকিস্তানৰ সংখ্যালঘু খ্ৰীষ্টান সম্প্ৰদায়ৰ লোকসকলক লক্ষ্য কৰি কৰা সন্ত্ৰাসবাদী আক্ৰমণ কৰা বুলি ঘটনা শেহতীয়াভাৱে উদ্বেগজনকভাৱে বৃদ্ধি পাইছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen − 2 =

Back to top button