AssamCMO Assamleatest updatePMo indiapolitical

গৃহমন্ত্ৰীৰ ৰোড শ্ব’ক লৈ গুৱাহাটীত বিশেষ পথ নিদেৰ্শনা…

দুপৰীয়া ১২ বজাৰ পৰা নিশা ৯ বজালৈ এই নিদেৰ্শনা।

আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে আহিব গৃহমন্ত্ৰীগৰাকী। গুৱাহাটীত ৰোড শ্ব’ত অংশ ল’ব অমিত শ্বাহে। গৃহমন্ত্ৰীৰ ৰোড শ্ব’ক লৈ গুৱাহাটীত বিশেষ পথ নিদেৰ্শনা। কেইবাটাও পথত বাণিজ্যিক বাহন চলাচলত নিষেধাজ্ঞা।

দুপৰীয়া ১২ বজাৰ পৰা নিশা ৯ বজালৈ এই নিদেৰ্শনা। VIP উৰণসেতুৰ পৰা জালুকবাৰীৰ ৰ’টাৰীলৈ নিষেধাজ্ঞা। DG ৰোড, MG ৰোড, RKB ৰোড, AK আজাদ ৰোডত নিষেধাজ্ঞা। BK কাকতি ৰোডতো বাণিজ্যিক বাহন চলাচলত নিষেধাজ্ঞা। এই পথসমূহত লেহেমীয়া বাহন চলাচলতো নিষেধাজ্ঞা। জৰুৰীকালীন সেৱাৰ ক্ষেত্ৰত নাথাকে এই নিষেধাজ্ঞা। ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথলৈ যোৱাত নিষেধাজ্ঞা। বিমানবন্দৰৰ পৰা খানাপাৰা অভিমুখী বাছৰ বিশেষ নিয়ন্ত্ৰণ। সকলো ASTC, বেচৰকাৰী বাছসমূহ কৰা হ’ব নিয়ন্ত্ৰণ। ABC পইণ্টৰ পৰা অসম বিধানসভা ৰ’টাৰীলৈ বিশেষ নিদেৰ্শনা। বিয়লি ৪ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ এটা ট্ৰেকত চলিব বাহন।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty + 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.