Socialঅপৰাধঅসম

ৰাজ্যত পুনৰ ‘শিশু বলি’ৰ ঘটনা, বলি দিয়া হ’ল সাত বছৰীয়া কন্যা শিশুক

জিলাখনৰ সোণাৰিৰ টিঙালীবাম চাহ বাগিচাত এটি সাত বছৰীয়া শিশুক ডিঙি কাটি হত্যা কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলত

মাত্ৰ দহদিন পূৰ্বে চৰাইদেউ জিলাৰ চফ্ৰাই চাহ বাগিচাৰ চিংলু লাইনৰ এটি পাঁচ বছৰীয়া কন্যা শিশুক পিতৃয়ে আন দুজন লোকৰ লগ হৈ বলি দিয়াৰ ঘটনাই দখল কৰিছিল সংবাদ মাধ্যমৰ শিৰোনাম।

তেনেধৰণৰ এক ঘটনা পুনৰ সংঘটিত হৈছে চৰাইদেউত। জিলাখনৰ সোণাৰিৰ টিঙালীবাম চাহ বাগিচাত এটি সাত বছৰীয়া শিশুক ডিঙি কাটি হত্যা কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলত।

সোমবাৰে, টিঙালীবাম চাহ বাগিচাৰ ১৩ নং লাইনৰ মংলু তাঁতী আৰু তিলেশ্বৰী তাঁতীৰ কন্যা আলীয়া তাঁতীৰ মৃতদেহ উদ্ধাৰ কৰা হয় বিয়লি সময়ত। মন কৰিবলগীয়া যে, মৃতদেহ উদ্ধাৰ কৰাৰ ২০০ মিটাৰ দুৰত্বতে আছে এখন কালী থান। বিভিন্ন পূজা-অৰ্চনাৰ লগতে বলি-বিধানে চলে থানখনত। স্থানীয় লোকে এই ঘটনা অন্ধবিশ্বাসৰ বাবেই সংঘটিত হোৱাৰ সন্দেহ কৰিছে। আন একাংশই যৌন নিৰ্যাতন চলাই পাছত শিশুটিক হত্যা কৰা হৈছিল বুলি সন্দেহ প্ৰকাশ কৰিছে।

ইতিমধ্যে, টিঙালীবাম আৰক্ষীয়ে ব্যাপক অনুসন্ধান অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত হত্যাকাৰীৰ কোনো শুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই। ইফালে, এই ঘটনাৰ এটা দিন উকলি যোৱাৰ পাছতো দল-সংগঠনে কোনোধৰণৰ মন্তব্য প্ৰকাশ কৰা নাই।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen + 9 =

Back to top button