অসম

সুখবৰঃ অহা ১ ছেপ্তেম্বৰৰ পৰা খুলি দিয়া হ’ব আন্তঃজিলা বাছ সেৱা

বাছ সেৱা অহা ১ ছেপ্তেম্বৰৰ পৰা খুলি দিয়াৰ ইংগিত প্ৰদান কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ৰাজ্যত বন্ধ হৈ থকা আন্তঃজিলা বাছ সেৱা অহা ১ ছেপ্তেম্বৰৰ পৰা খুলি দিয়াৰ ইংগিত প্ৰদান কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

আজি গুৱাহাটীত সাংবাদিকৰ আগত মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘১ ছেপ্তেম্বৰৰ পৰা আন্তঃজিলা বাছ সেৱা খুলি দিবলৈ আপ্ৰাণ চেষ্টা কৰিম। আন্তঃজিলা ইতিমধ্যেই খুলি দিয়া হৈছে। বাছ চলিবলৈ আমি হাক দিছিলো, ১ ছেপ্তেম্বৰৰ পৰা চলিবলৈ অনুমতি দিম’।

অৱশ্যে কামৰূপ মহানগৰত বহিঃজিলাৰ পৰা অহা বাছসমূহ প্ৰৱেশ কৰিব পাৰিব নে নাই সেয়া নিৰ্ভৰ কৰিব গুৱাহাটীৰ ক’ভিড পৰিৱেশৰ ওপৰত।

আনহাতে, ১ ছেপ্তেম্বৰৰ পৰা সান্ধ্য আইনৰ সময়সীমা নিশা ৭ বজাৰ পৰিৱৰ্তে ৮ বজালৈ বৃদ্ধি কৰাৰো ইংগিত প্ৰদান কৰে মুখ্যমন্ত্ৰী শৰ্মাই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

13 + 13 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.