অৰ্থনৈতিকআন্তঃৰাষ্ট্ৰীয়

হাইজেক ইউক্ৰেইন বিমান, কোনে হাইজেক কৰিলে আফগানিস্তানৰ পৰা উৰা মৰা ইউক্ৰেইনৰ বিমান?

অচিনাক্ত অস্ত্ৰধাৰী লোকে ইউক্ৰেইনৰ বিমানখন নিয়ন্ত্ৰণ কৰি ইৰাণলৈ উৰা মাৰে বুলি ব্যক্ত কৰিছে ৰাছিয়াৰ সংবাদ সংস্থাই

সম্প্ৰতি আফগানিস্তানত বিৰাজ কৰা তালিবানৰ অৰাজকতাৰ বাবে শংকিত সমগ্ৰ বিশ্ব। সকলোৱে আফগানিস্তানৰ পৰা উভতাই নিছে নিজ দেশৰ নাগৰিকৰ লগতে আফগান নাগৰিকক।

দেওবাৰে, ইউক্ৰেইনৰ এখন বিমান হাইজেক হোৱাৰ ঘটনাই দখল কৰিছিল সংবাদ মাধ্যমৰ শিৰোনাম। অচিনাক্ত অস্ত্ৰধাৰী লোকে ইউক্ৰেইনৰ বিমানখন নিয়ন্ত্ৰণ কৰি ইৰাণলৈ উৰা মাৰে বুলি ব্যক্ত কৰিছে ৰাছিয়াৰ সংবাদ সংস্থাই।

ইউক্ৰেইনৰ ডেপুটি ফৰেইন মিনিষ্টাৰ য়েবগেনী য়েনিনৰ ভাষ্য অনুসৰি, দেওবাৰে ইউক্ৰেইনৰ বিমানখন কোনো অচিনাক্ত অস্ত্ৰধাৰী লোকে হাইজেক কৰে। মঙলবাৰে, বিমানখন যাত্ৰীসকলৰ মাজত থকা এটা দলে আমাৰ পৰা চুৰ কৰে। ইউক্ৰেনিয়ানসকলক বিমানেৰে নিয়াৰ পৰিৱৰ্তে ইৰাণলৈ উৰা মাৰে বিমানখন। আমাৰ আগৰ তিনিটা স্থানান্তৰ কাৰ্যসূচীও সফল হোৱা নাছিল, কিয়নো আমাৰ নাগৰিকে বিমানবন্দৰলৈ আহিবলৈ সক্ষম হোৱা নাছিল।

ৰাছিয়াৰ সংবাদ সংস্থাৰ মতে, দেওবাৰে ৩১ জন ইউক্ৰেনীয়সহ ৮৩ জন লোকৰ সৈতে এখন সামৰিক পৰিবহণ বিমান আফগানিস্তানৰ পৰা কিয়েভত উপস্থিত হয়।

জেৰুজালেম পোষ্টৰ বাতৰি অনুসৰি অৱশ্যে, ইউক্ৰেইন আৰু ইৰাণ দুয়োটাই আফগানিস্তানৰ পৰা ইউক্ৰেইনৰ এখন স্থানান্তৰিত বিমান অপহৰণ হোৱাৰ বাতৰি অস্বীকাৰ কৰিছে।

ইৰাণৰ অসামৰিক বিমান পৰিবহন কৰ্তৃপক্ষই প্ৰতিবেদনটো অস্বীকাৰ কৰি কয় যে, বিমানখনে মাশ্হাদত ইন্ধন ভৰ্তি কৰে আৰু তাৰ পিছত কিয়েভলৈ উৰা মাৰে। ইৰাণৰ অসামৰিক বিমান পৰিবহন সংস্থাৰ এজন মুখপাত্ৰই দাবীসমূহ অস্বীকাৰ কৰি কয়, “এই বিমানখন কালি মাশ্হাদ বিমানবন্দৰলৈ (উত্তৰ-পূব ইৰাণ) ইন্ধন ভৰ্তি কৰাৰ বাবে আহিছিল আৰু ইন্ধন ভৰোৱাৰ পিছতেই বিমানখন ইউক্ৰেইনলৈ ৰাওনা হৈছিল আৰু পৰৱৰ্তী সময়ত কিয়েভ বিমানবন্দৰত উপস্থিত হৈছিল।”

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 + six =

Back to top button