অৰ্থনৈতিকঅসমআঞ্চলিকজীৱনশৈলীদৈনিক বাতৰি

গৰুখুটি কৃষি প্ৰকল্পলৈ গুজৰাটৰ ২০০০ হাজাৰ গিৰ গাই

বৃহস্পতিবাৰৰ পৰা এই গিৰ গাই নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হ’ব

গৰুখুটি কৃষি প্ৰকল্পলৈ গুজৰাটৰ পৰা অনা হ’ব ২০০০ হাজাৰ গিৰ গাই।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ নিৰ্দেশত অসমলৈ ২০০০ গিৰ গাই অনাৰ ব্যৱস্থা গ্ৰহণৰ বাবে পদক্ষেপ গ্ৰহণ কৰে বিধায়ক তথা গৰুখুটি কৃষি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকাই। পদ্ম হাজৰিকাৰ নেতৃত্বত অসমৰ এটা প্ৰতিনিধি দল বুধবাৰে গুজৰাটত উপস্থিত হৈ ৰাজ্যখনৰ পশুপালন মন্ত্ৰী ৰাঘৱ জি. পেটেলক সাক্ষাৎ কৰে।

আলোচনাৰ অন্তত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি অহা এক মাহৰ ভিতৰত ২০০ গিৰ গাই অসমলৈ অনাৰ ব্যৱস্থা কৰা হ’ব

আৰু আগন্তুক মাৰ্চ মাহৰ ভিতৰত ৫০০ গিৰ গাই অসমলৈ অনা হ’ব।
বৃহস্পতিবাৰৰ পৰা এই গিৰ গাই নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হ’ব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × 5 =

Back to top button