Covid-19স্বাস্থ্য

ব্লেক, হোৱাইট আৰু য়েলো ফাংগাছৰ পাছত এইবাৰ আতংক এছপাৰগিলোছিছৰ

ক’ৰোনাৰ মাজতে ব্লেক, হোৱাইট আৰু য়েলো ফাংগাছৰ পাছত এইবাৰ আতংকৰ সৃষ্টি কৰিছে এছপাৰগিলোছিছ৷

দেশৰ বিভিন্ন ৰাজ্যত ব্লেক–হোৱাইট আৰু ইয়েলো ফাংগাছৰ সংক্রমণ চলি থকাৰ মাজতে  ক’ভিড আক্রান্ত ৰোগীৰ জীৱনলৈ শংকা নমাই অনিছে মাৰাত্মক এছপাৰগিলোছিছৰ সংক্রমণে৷ গুজৰাটৰ বদোদৰাৰ চিকিৎসালয়ত ক’ভিড–১৯ত আক্রান্তৰ দেহত ধৰা পৰিছে এছপাৰগিলোছিছ ফাংগাছ৷

উল্লেখ্য যে, এই এছপাৰগিলোছিছত আক্রান্ত হোৱা ৰোগীসকলৰ ভিতৰত ক’ভিডত আক্রান্ত হৈ থকা ৰোগীৰ লগতে ক’ভিডৰ পৰা সুস্থ হোৱা লোকো আছে৷

নাকেৰে শৰীৰত প্রৱেশ কৰা এছপাৰগিলিয়াছ ফাংগাছে হাঁওফাঁওত আক্রমণ কৰে আৰু লোকজনক দুর্বল কৰি তোলে৷ চিকিৎসকৰ মতে দুর্বল লোকসকলে এই ফাংগাছত আক্রান্ত হ’লে মৃত্যু হোৱাৰ সম্ভাৱনা থাকে৷ সাধাৰণ লোকৰ শৰীৰত এছপাৰগিলিয়াছ ফাংগাছ প্রৱেশ কৰিলেও বিশেষ ক্ষতি নহয় যদিও ক’ভিড ৰোগী তথা ক’ভিডত আক্রান্ত হৈ সুস্থ হোৱা লোকৰ হাঁওফাঁওত বিশেষভাবে ক্ষতি সাধন কৰে৷

মাৰাত্মক ব্লেক ফাংগাছ, হোৱাইট ফাংগাছ আৰু ইয়েলো ফাংগাছত সংক্রমণৰ লগতে এছপাৰগিলিয়াছ ফাংগাছে ক’ভিড ৰোগীৰ চিকিৎসাত এতিয়া প্রত্যাহ্বান আনিছে৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen − 6 =

Back to top button