Covid-19স্বাস্থ্য

অসুস্থ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে

কোৰোনাৰ বিৰুদ্ধে চলি থকা যুঁজৰ সময়ত কামৰ পৰা ডিঙি উঠোৱাৰ সময় নোপোৱা বাবে ডিঙিৰ বিষত ভুগিছে উদ্ধৱ ঠাকৰে!

অসুস্থ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে। দিৰ্ঘদিনৰ পৰা ডিঙিৰ বিষত ভূগি থকা ঠাকৰেৰ বৃহস্পতিবাৰে অস্ত্ৰপ্ৰচাৰ সম্পন্ন হয়। বুধবাৰৰ নিশা মুম্বাইৰ ৰিলায়েন্স গ্ৰুপৰ হৰকিশন্দাস চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ঠাকৰেক। মন্ত্ৰীগৰাকীক ৩ ৰ পৰা ৪ দিন পৰ্যম্ত চিকিৎসালয়ত ৰাখিব লাগিব বুলি জনাইছে চিকিৎসালয়ৰ বিশেষ সূত্ৰই।

উল্লেখ্য যে, এক বিবৃতিত ঠাকৰেই প্ৰকাশ কৰি কয় যে, যোৱা দুবছৰত কোৰোনা ভাইৰাছৰ বিৰুদ্ধে চলি থকা যুঁজৰ সময়ত তেওঁৰ কামৰ পৰা ডিঙি উঠোৱাৰ সময় নাছিল। সেয়হে তেওঁ এই ডিঙিৰ বিষৰ সমস্যাত ভুগিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 + 11 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.