Covid-19

দেশত ভয়ংকৰ ৰূপ লৈছে ক’ভিডে, এদিনতে ক’ভিডত আক্ৰান্তৰ সংখ্যা হ’লগৈ ২,৩৮,০১৮জন

অৱশেষত ২০২১ বৰ্ষত আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিছিল কোটিৰ ঘৰ

দেশত দৈনিক বৃদ্ধি পাইছে ক’ভিডত আক্ৰান্তৰ সংখ্যা। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ মঙলবাৰৰ তথ্য অনুসৰি দেশত এদিনতে ক’ভিডত আক্ৰান্ত হৈছে ২,৩৮,০১৮জন লোক।

মঙলবাৰে, দেশত ক’ভিড-১৯ত আক্ৰান্তৰ সংখ্যা হ’লগৈ ৩,৭৬,১৮,২৭১জন। ইয়াৰ ভিতৰত ৮,৮৯১টা হৈছে অমিক্ৰণৰ ঘটনা। সোমবাৰৰ পৰা দেশত অমিক্ৰণৰ সংক্ৰমণ বৃদ্ধিৰ পৰিমাণ হৈছে ৮.৩১ শতাংশ।

উল্লেখ্য যে, ৭ আগষ্ট, ২০২০ত ভাৰতত ক’ভিড-১৯ত আক্ৰান্তৰ হাৰ আছিল ২০ লাখ, ২৩ আগষ্টত ৩০ লাখ, ৫ ছেপ্টেম্বৰত ৪০ লাখ,  ১৬ ছেপ্টেম্বৰত ৫০ লাখ আৰু অৱশেষত ২০২১ বৰ্ষত আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিছিল কোটিৰ ঘৰ। যদিও দেশৰ জনসাধাৰণক ইতিমধ্যে ক’ভিডৰ দুয়োটা পালি দিয়া হৈছে, তথাপি কম হোৱা নাই দেশত ক’ভিডত আক্ৰান্তৰ হাৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three + eighteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.