অসমজীৱনশৈলীপ্ৰযুক্তিবিজ্ঞান

ৰোৱনী অবিহনে সম্ভৱ হ’ব কৃষি কাৰ্য

কৃষকৰ বাবে আশীৰ্বাদস্বৰূপ এক অত্যাধুনিক যন্ত্ৰ

এক অত্যাধুনিক যন্ত্ৰ! কৃষকৰ বাবে আশীৰ্বাদস্বৰূপ হ’ব পাৰে এই যন্ত্ৰটো। মাত্ৰ এটা ঘণ্টাতে দুই বিঘা মাটিত কঠিয়া ৰুব পাৰি যন্ত্ৰটোৰে।

খেতিৰ দিনত ৰোৱনী বিচাৰি হাহাকাৰ কৰিব লগীয়া হয় কৃষকে। কিন্তু এতিয়া ৰোৱনী অবিহনে সম্ভৱ হব এই কৃষি কাৰ্য। কম খৰচতে কৃষিকাৰ্য সম্পন্ন কৰিব পাৰিব পাৰিব কৃষকে।

ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে শিৱসাগৰ জিলাৰ দিখৌমুখত ব্যৱহাৰ হ’ল কঠিয়া ৰোৱা যন্ত্ৰটো।  যন্ত্ৰটোৰ সহায়ত প্ৰথমবাৰৰ বাবে কঠিয়া ৰুলে দিখৌমুখৰ কৃষকে।

আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা কেন্দ্ৰ আৰু কৃষি বিজ্ঞান কেন্দ্ৰ শিৱসাগৰ জিলাৰ দ্বাৰা দিখৌমুখত পোন প্ৰথমবাৰৰ বাবে Paddy Transplantor নামৰ কঠিয়া সিঁচা যন্ত্ৰটোৰ পৰীক্ষামূলক ব্যৱহাৰ কৰা হয়|

পেট্ৰল ইন্ধন চালিত দুই লাখ ৬৩ হাজাৰ টকা মূল্যৰ যন্ত্ৰটোৱে এক ঘন্টাত এক লিটাৰ ইন্ধনেৰে দুই বিঘা মাটিত কঠিয়া ৰুব পাৰে| দলিছা পদ্ধতিত অতি সহজে সিঁচা কঠিয়া এই যন্ত্ৰটোৰ দ্বাৰা ৰুলে ধানৰ উৎপাদনো বৃদ্ধি পায়|

শিৱসাগৰ জিলা কৃষি বিজ্ঞান কেন্দ্ৰ আৰু আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা কেন্দ্ৰৰ দ্বাৰা ৰূপায়িত হোৱা Assam Agribussiness and Rural Transformation Project আঁচনিৰ অধীনত যিকোনো কৃষকে ৰাজসাহাৰ্যৰ জৰিয়তে এই যন্ত্ৰটো ক্ৰয় কৰিব পাৰিব| খেতিৰ দিনত ৰোৱনী বিচাৰি হাহাকাৰ কৰা কৃষকসকলে এই যন্ত্ৰ ব্যৱহাৰ কৰি খৰছ হ্রাস কৰাই নহয় ধানৰ উৎপাদন বৃদ্ধি কৰি উপকৃত হ’ব পাৰিব|

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

8 − 7 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.