অৰ্থনৈতিকজীৱনশৈলীস্বাস্থ্য

কামপুৰৰ অসহায় আইতা

অসুস্থ আইতাগৰাকী

কামপুৰৰ পশ্চিম ঘিলানী গাঁৱৰ এগৰাকী অসহায় আইতা। অকলশৰীয়া আইতাগৰাকীক চুবুৰীৰ মানুহে চোৱাচিতা কৰি আহিছিল যদিও কিছুদিনৰ পৰা অধিক শাৰীৰিক অৱনতি ঘটে আইতাগৰাকীৰ। যাৰ বাবে চুবুৰীৰ মানুহ চিন্তিত হৈ যোগাযোগ কৰে নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ লগত।

নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীয়ে ৰাঙলুস্থিত গ্ৰাম বিকাশ পৰিষদৰ সহযোগত বৃদ্ধা গৰাকীক উদ্ধাৰ কৰি উন্নত চিকিৎসাৰ বাবে ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আইতা গৰাকী সম্পূৰ্ণ সুস্থ হৈ উঠাৰ পাছত ৰাঙলুস্থিত বৃদ্ধাশ্ৰমত ৰখাৰ লগতে সকলো যাৱতীয় ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × five =

Back to top button