অসমমনোৰঞ্জনস্বাস্থ্য

সম্প্ৰতি ভাইৰেল হৈছে দুটি শিশুৰ এখন বিশেষ চিঠি, কেনেদৰে সমস্যাৰ সমাধান দিলে মুখ্যমন্ত্ৰীয়ে!

দুটি শিশুৱে প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ নিজৰ দাঁতৰ সমস্যাৰ বিষয়ে লিখিলে চিঠি

ছোচিয়েল মিডিয়াত সম্প্ৰতি ভাইৰেল হৈছে এখন বিশেষ চিঠি।

এটা বিশেষ সমস্যাৰ সমাধান বিচাৰি চিঠিখন লিখা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ।
দৰাচলতে ৬ বছৰীয়া ৰেইছা আহমেদ আৰু ৫ বছৰীয়া আৰিয়ান আহমেদ নামৰ দুটি শিশুৱে প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ দুখন পৃথক চিঠিখনত নিজৰ দাঁতৰ সমস্যাৰ বিষয়ে লিখিছে।
এখন পত্ৰত লিখিছে, ‘মৰমৰ মোদীজী। মোৰ ৩টা দাঁত গজা নাই, তাৰবাবে মোৰ আহাৰ চোবাওতে সমস্যা হৈছে।’

ইফালে এই ঘটনাৰ পাছত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে গুৱাহাটীতে শিশুদ্বয়ৰ বাবে দন্ত চিকিৎসকৰ ব্যৱস্থা কৰাৰ কথা উল্লেখ কৰে।
শৰ্মাই টুইটযোগে শিশু দুটিলৈ লিখিছে যে, তোমালোকৰ বাবে গুৱাহাটীত এজন ভাল দন্ত চিকিৎসকৰ ব্যৱস্থা কৰিম, যাতে আমি একেলগে তোমালোকৰ প্ৰিয় খাদ্য উপভোগ কৰিব পাৰোঁ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fourteen − 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.