পৰিৱেশ

মানুহ, চৰাই, জন্তু বুলি ভুল নকৰিব, প্ৰকৃতিৰ অপৰূপ সৃষ্টি এয়া ফুলহে!

প্ৰকৃতিৰ এক অপৰূপ সৃষ্টি হৈছে ফুল। সেউজীয়াৰ মাজত থকা নানাৰঙী ফুলে সকলোকে দিয়ে প্ৰশান্তি।

প্ৰকৃতিৰ যে কি অপৰূপ সৃষ্টি। প্ৰকৃতিৰ বিনন্দীয়া পৰিৱেশে মোহাচ্ছন্ন কৰি তোলে সকলোকে। ক্ষন্তেক সময় প্ৰকৃতিৰ মাজত বিলীন হৈ আমি পাহৰিব পাৰো সকলো দুখ, সকলো কষ্ট।

প্ৰকৃতিৰ প্ৰত্যেক সৃষ্টিৰ আছে এক সুকীয়া বৈশিষ্ট্য। প্ৰকৃতিৰ এক অপৰূপ সৃষ্টি হৈছে ফুল। সেউজীয়াৰ মাজত থকা নানাৰঙী ফুলে সকলোকে দিয়ে প্ৰশান্তি। কিন্তু আপুনি বাৰু কেতিয়াবা দেখাত জীৱ-জন্তুৰ দৰে ফুল দেখিছেনে?

আচৰিত যেন লাগিলেও পৃথিৱীত আছে দেখাত চৰাই আৰু জন্তুৰ দৰে ফুল। আহকচোন চাওঁ চৰাই, জন্তুৰ দৰে দেখা ফুলৰ আলোকচিত্ৰঃ

১) দ্য স্কাল অৰ্কিড

২) দ্য স্বাদ্দেল্ড বেবী অৰ্কিড


আমেৰিকাত উপলব্ধ এই ধুনীয়া ফুলপাহ। দেখাত কেঁচুৱাৰ দৰে ফুলপাহৰ আছে ধুনীয়া সুগন্ধ।

৩) পেৰট ফ্লাৱাৰ


দুৰ্লভ প্ৰজাতিৰ এই ফুলপাহ দেখাত ভাটৌ চৰাইৰ দৰে। ভাটৌ চৰাইৰ দৰে ৰং এই ফুলপাহৰ। বাৰ্মাত এজন ব্ৰিটিছ বিষয়াই আৱিস্কাৰ কৰিছিল এই ফুলপাহ। ১৮৯৯ চনত ৰয়েল গাৰ্ডেনত এই পুলপাহৰ গুটি সিঁচা হৈছিল।

৪) দ্য মথ অৰ্কিড


দেখিবলৈ অদ্ভুত এই ফুলপাহ দেখাত এজনী উৰণীয়া পক্ষীৰ দৰে। বসন্ত কালৰ পৰা গ্ৰীষ্ম কালৰ আৰম্ভণিলৈকে এই ফুলপাহৰ বিকাশ হয়।

৫)জাপানীচ ইগ্ৰেট


জাপানত উপলব্ধ এই ধুনীয়া ফুলপাহ। খেতিৰ বাবে অনুপযোগী পাহাৰীয়া ঠাইত এই ফুলপাহ পোৱা যায়। দেখাত চৰাইৰ দৰেই এই ফুলপাহ।

৬) দ্য বী অৰ্কিড


এই ফুলপাহ প্ৰথমে দেখিলে ফুলৰ ওপৰত উৰি ফুৰা মৌ-মাখি বুলি ভুল কৰিব আপুনি। মৌ-মাখিৰ দৰে দেখা এই ফুলপাহৰো আছে ধুনীয়া সুগন্ধ।

৬) বাৰ্ড অৰ্কিড


৭)হেংগিং নেকেড মেন অৰ্কিড

জৰ্ডান, টুৰ্কী, পৰ্টুগাল, স্পেইন, ইজৰাইল, গ্ৰীচত উপলব্ধ নগ্ন মানুহৰ দৰে দেখা এই ফুলপাহ।

৮) ফ্লায়িং ডাক অৰ্কিড


নামটোৰ দৰেই দেখাত এই ফুলপাহ। অষ্ট্ৰেলিয়াৰ অৰণ্যত পোৱা এই ফুলপাহ দেখাত একেবাৰে উৰণীয়া হাঁহৰ দৰে নহয়নে?

৯)মাংকী ফেচ অৰ্কিড


সুবহু বান্দৰৰ দৰেই দেখাত এই ফুলপাহ।


১০) এঞ্জেল অৰ্কিড

১১) বেলেৰিনা অৰ্কিড

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.