অপৰাধভাৰত

মূল্যৱান সামগ্ৰী নহয়, এইবাৰ গৰুৰ গোবৰ চুৰিক লৈ ৰুজু হ’ল গোচৰ

চুৰি হোৱাৰ কাৰণ সম্পৰ্কে বিভ্ৰান্ত আৰক্ষী

বেছিভাগ সময়ত চোৰে মূল্যৱান বস্তুৰ ওপৰত চকু দিয়ে যদিও অদ্ভূত বস্তুৰ চুৰি কাণ্ড সময়ে সময়ে পোহৰলৈ আহে। এইবাৰ চোৰে চুৰি কৰি নিলে গৰুৰ গোবৰ।

হয়,  আচৰিত যেন লাগিলেও এনে ঘটনা সংঘটিত হৈছে ছত্তীশগড়ত। ৮ জুনৰ মাজনিশা ছত্তীশগড়ৰ কোৰবা জিলাৰ ধুৰেনা গাঁৱৰপৰা চুৰি হ’ল ৮০০ কিলোগ্ৰাম ওজনৰ গোবৰ। যাৰ বজাৰ মূল্য প্ৰায় ১৬০০ টকা।

চোৰক ধৰিবলৈ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। একে সময়তে, গোবৰ চুৰি হোৱাৰ কাৰণসম্পৰ্কেও আৰক্ষী বিভ্ৰান্ত হৈ পৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 + one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.