Assamঅসমজীৱনশৈলীস্বাস্থ্য

ফেটী লিভাৰ হোৱাৰ কাৰণ কি জানে নে ?

ফেটী লিভাৰৰ লক্ষণসমূহ কি আহক জানো

আপুনি বাৰু জানেনে দেহত ফেটি লিভাৰ হোৱাৰ কাৰণ কি? দৈনন্দিন জীৱনত কোনসমূহ খাদ্য খালে দেহত ফেটি লিভাৰৰ সমস্যা হয় আহক জানো-আমাৰ শৰীৰৰ লিভাৰত চৰ্বি জমা হ’লে লিভাৰটোক ফেটী লিভাৰ ৰোগ বুলি কোৱা হয় । যেতিয়া লিভাৰটোৰ ওজনতকৈ ৫-১০ শতাংশ অধিক মেদ বা চৰ্বি লিভাৰত জমা হয়, তেতিয়া লিভাৰৰ কোষবিলাক ধ্বংস হ’বলৈ আৰম্ভ কৰে। ফলত আমাৰ স্বাস্থ্যৰ ওপৰত ইয়াৰ বিৰূপ প্ৰভাৱ পৰিবলৈ ধৰে।এই ৰোগ মূলতঃ দুই প্ৰকাৰৰ । এবিধ এলক’হলিক আৰু আনবিধ নন-এলক’হলিক ।এলক’হলিক ফেটী লিভাৰ হোৱাৰ একমাত্ৰ কাৰণ হ’ল নিয়মিতভাৱে অতিমাত্ৰা মদ্যপান কৰা…নন-এলক’হলিক ফেটী লিভাৰ হোৱাৰ মূল কাৰণবোৰ হ’ল- মেদবহুলতা, শ্ৰমহীনতা, অত্যধিক শৰ্কৰা আৰু চৰ্বিযুক্ত খাদ্য খোৱাৰ অভ্যাস ইত্যাদি। ইয়াৰ লগতে কেতিয়াবা গৰ্ভাৱস্থাৰ বাবেও নন-এলক’হলিক ফেটী লিভাৰ হ’ব পাৰে ।ফেটী লিভাৰত দেখা দিয়া লক্ষণ হ’ল- ভোক নলগা, বমি ভাব হোৱা, কোনো কামত মন নবহা, ভাগৰ অনুভৱ হোৱা, শৰীৰৰ দুৰ্বলতা, ওজন হ্ৰাস, ইত্যাদি।ফেটী লিভাৰৰ ৰোগীয়ে ফল-মূল আৰু সেউজীয়া শাক-পাচলি আদি নিয়মিতভাৱে খাব লাগে । প্ৰ’টিন সমৃদ্ধ খাদ্য দৈনিক খাব লাগে । প্ৰ’টিন পাউডাৰো খাব পাৰে । ভিটামিন ‘ই’যুক্ত খাদ্য প্ৰচুৰ পৰিমাণে খাব লাগে । কিন্তু ফেটী লিভাৰ থকা ব্যক্তিয়ে সুৰা বৰ্জন কৰিব লাগে । তেলত বেছিকৈ ভজা খাদ্য, অধিক মছলাযুক্ত তথা চৰ্বিযুক্ত খাদ্য, অধিক চেনি আৰু চেনি মিহলোৱা খাদ্য, শীতল পানীয়, জাংক ফুড, বেছি চৰ্বিযুক্ত মাংস খাব নালাগে নহলে এই ৰোগ বৃদ্ধি হোৱাৰ আশংকা থাকে।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.