অপৰাধঅসম

ভৰালে তেল, গাড়ীৰ টেংকীত ওলাল লিটাৰে লিটাৰে পানী, ৰাস্তাত বিকল বহু গাড়ী

আলৈ-আথানি হ’ল হাস্পতালৰ পৰা উভতি অহা ৰোগীও

ভৰালে তেল, গাড়ীৰ টেংকীত ওলাল লিটাৰে লিটাৰে পানী, ৰাস্তাত বিকল বহু গাড়ী।

আজ্ঞাথুৰী গণেশ মন্দিৰৰ সমীপৰ আমিনগাঁও লাচিতপুৰৰ HP “মেছাৰ্চ ব্ৰহ্মপুত্ৰ ফিউলিং চেন্টাৰ” নামৰ পেট্ৰল পাম্পৰ ভয়ংকৰ কাণ্ড। পেট্ৰলৰ নামত গ্ৰহকক দিলে পানী। এই পেট্ৰল পাম্পত তেল ভৰাই বিকল বহু গাড়ী। আলৈ এথানি হ’ল হাস্পতালৰ পৰা উভতি অহা ৰোগীও। গাড়ীৰ গেৰেজত শাৰী শাৰীকৈ লাইন লাগিল ইখনৰ পাছত সিখন গাড়ী।

আমিনগাঁও লাচিতপুৰ-আজ্ঞাথুৰী গণেশ মন্দিৰৰ সমীপত থকা “মেছাৰ্চ ব্ৰহ্মপুত্ৰ ফিউলিং চেন্টাৰ” নামৰ তেল দিপুত তেল ভৰোৱাৰ পাছত আধাবাটতে বিকল হৈ পৰিল গাড়ীসমূহ।

আচলতে পেট্ৰলৰ নামত এইটো পেট্ৰল ডিপুটোৱে গ্ৰাহকক দিলে গেলা পানী। ক’ভিড আক্ৰান্ত হৈ হাস্পতালৰ পৰা উভতা লোকক লৈ ৬কিঃমিঃ পৰ্যন্ত গাড়ী ঠেলিব লগা হল লোকসকলে। এখন দুখন নহয় প্ৰায় ১০ খনৰ অধিক গাড়ী হৈ পৰিল বিকল।

সান্ধ্য আইনৰ মাজতে জৰুৰীকালীন সেৱাত নিয়োজিত বহু লোকৰ হাহাকাৰ অৱস্থা হ’ল।  পেট্ৰল পাম্পৰ টুগলকী কাণ্ডত হাৰাশাস্তি সাধাৰণ গ্ৰাহকৰ। এনে পেট্ৰল পাম্পৰ বিৰুদ্ধে প্ৰশাসনক ব্যৱস্থা গ্ৰহণৰ দাবী ভুক্ত ভুগি গ্ৰাহকৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fifteen − 14 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.