অপৰাধঅসমপ্ৰযুক্তি

বিদ্যুৎ সেৱা নহয় যেন শক্তি বিভাগৰ মৰণ ফান্দহে

গোলাঘাট জিলাৰ সৰুপথাৰত বিপদজনক ভাৱে শক্তি বিভাগে আগবঢ়াইছে  বিদ্যুৎ সেৱা

বিদ্যুৎ সেৱা নহয় যেন শক্তি বিভাগৰ মৰণ ফান্দহে।

গোলাঘাট জিলাৰ সৰুপথাৰত বিপদজনক ভাৱে শক্তি বিভাগে আগবঢ়াইছে  বিদ্যুৎ সেৱা। বাঁহৰ খুটাত সৰবৰাহ কৰা হৈছে উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰ। সৰুপথাৰ শক্তি বিতৰণ কেন্দ্ৰৰ উপ প্ৰৱন্ধকৰ কাৰ্যালয়ৰ অন্তৰ্গত বিভিন্ন অঞ্চলত বিভাগটোৱে পকী খুঁটাৰ বিপৰীতে বাঁহৰ খুঁটাতে বিদ্যুৎ পৰিবাহী তাঁৰ সংস্থাপন কৰি বিদ্যুৎ সৰবৰাহ কৰা দেখা গৈছে। ভিতৰুৱা গাঁও অঞ্চল সমূহৰ কথা বাদেই সৰুপথাৰ নগৰৰ পৰা নাওজান, চুঙাজান হৈ বোকাজান সংযোগী মুল গড়কাপ্তানি পথছোৱাৰ কাষতে এনে বিপদজনক দৃশ্য সুলভ হৈ পৰিছে।

ইপিনে কেইবাটাও স্থানত বিদ্যুৎ পৰিবাহী তাঁৰ সমূহ হাত মেলিলেই ঢুকি পোৱাকৈ বিপদ সংকুল ভাৱে ওলমি আছে। শক্তি বিভাগৰ চকুৰ সন্মুখতে এনেদৰে বিদ্যুৎ পৰিবাহী তাঁৰ মৰণ ফান্দলৈ পৰিণত হৈছে যদিও শক্তিবিভাগে চকু মুদা কুলিৰ ভাও ধৰি অহাৰহে অভিযোগ উঠিছে।

২৪ ঘন্টাই গ্ৰাহকক বিদ্যুৎ যোগান ধৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা বিভাগটোৰ বিৰুদ্ধে চুঙাজান অঞ্চলত অনিয়মীয়া বিদ্যুৎ যোগান আৰু উপভোক্তালৈ উচ্চ নিৰিখৰ নাভূত নাশ্ৰুত বিল প্ৰদানৰহে অভিযোগ উঠিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.