অপৰাধঅসম

বটদ্ৰৱাত আটক তীৰ’খেল মাফিয়া

নিবিঘ্নে চলাই আহিছিল তীৰ খেলৰ বিশাল সাম্ৰাজ্য

সোমবাৰে নিশা বটদ্ৰৱা আৰক্ষীয়ে কদমণিৰ পৰা আটক কৰে দুটাকৈ তীৰ’খেলৰ মাফিয়া। আটকাধীন তীৰ মাফিয়া দুজনৰ নাম কদমণিৰ হাফিজ উদ্দিন আৰু নাচিৰ উদ্দিন বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, বিগত প্ৰায় দুই দশক ধৰি আৰক্ষী প্ৰশাসনৰ চকুত ধুলি দি আহিছিল বটদ্ৰৱাৰ কদমণি, ধূপগুৰি, ডুমডুমীয়া ভোমোৰাগুৰি আৰু ইয়াৰ দাঁতি কাষৰীয়া ভিতৰুৱা অঞ্চল সমূহত হাফিজ উদ্দিন বাহিনীয়ে নিবিঘ্নে চলাই আহিছিল তীৰ খেলৰ বিশাল সাম্ৰাজ্য। যাৰ কৱলত পৰি ইতিমধ্যে বহু পৰিয়ালৰ সৰ্বস্বান্ত হৈ পৰিছে। উঠি অহা নৱপ্ৰজন্মৰ বহুতে এই তীৰ খেলৰ কৱলত পৰি দিকবিদিক হেৰুৱাই পেলাইছে।

ফলত সোমবাৰে বটদ্ৰৱা আৰক্ষীয়ে কদমণিৰ পৰা হাফিজ উদ্দিনৰ লগতে নাচিৰ উদ্দিন করে আটক কৰি হাজোৰ জেললৈ প্ৰেৰণ কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty + 13 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.