অপৰাধঅসম

এইবাৰ দালাল নহয়, আৰক্ষীৰ জালত আৰক্ষী! সকলো বন্দী হ’ল গোপন কেমেৰাত

আৰক্ষী কনিষ্টবলজনে  ধনৰ বিনিময়ত মুকলি কৰিছিল চোৰাং গৰু সৰবৰাহকাৰীক

দক্ষিণ শালমাৰাত উৎকোচ লোৱাৰ অপৰাধত আৰক্ষীয়ে আটক কৰিলে এজন আৰক্ষী কনিষ্টবলক৷

কেৰামত আলী নামৰ আৰক্ষী কনিষ্টবলজনে  ধনৰ বিনিময়ত মুকলি কৰিছিল চোৰাং গৰু সৰবৰাহকাৰীক। উৎকোচ লোৱাৰ সকলো দৃশ্য বন্দী হৈছিল গোপন কেমেৰাত।

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ দক্ষিণ শালমাৰা থানাত কৰ্মৰত আৰক্ষী U.B. নায়ক কেৰামত আলীক উৎকোচ লোৱাৰ অপৰাধত দক্ষিণ শালমাৰা মানকাচৰ জিলা আৰক্ষীয়ে যোৱা নিশা আটক কৰে দক্ষিণ শালমাৰা থানাৰ পৰা।

উল্লেখ্য যে, চোৰাং গৰু সৰবৰাহকাৰীক আটক কৰি মুকলি কৰি দিয়াৰ বাবে চোৰাং সৰবৰাহকাৰীৰ পৰা উৎকোচ লৈছিল আৰক্ষী কনিষ্টবলজনে। কিন্তু ভুক্তভোগীয়ে উৎকোচ দিয়াৰ সময়ত লেনদেনৰ সকলো দৃশ্য গোপনে মোবাইলৰ কেমেৰাত বন্দী কৰি ৰাখিছিল৷ পিছত ভুক্তভোগীয়ে আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত উক্ত ঘটনাৰ তদন্ত বিচাৰি আবেদন জনায়৷

ভুক্তভোগীৰ আবেদনৰ ভিত্তিত যোৱা নিশা আটক কৰা হয় U.B. নায়ক কেৰামত আলীক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × 3 =

Back to top button