Socialঅসম

নতুন SOP। শিথিল আন্তঃজিলা যাতায়াত ব্যৱস্থা!

কামৰূপ মেট্ৰ' জিলাক আওঁতাৰ বাহিৰত ৰাখি ব্যক্তিগত যান-বাহনক আন্তঃজিলা যাতায়াতৰ অনুমতি প্ৰদান কৰা হৈছে

পুনৰ ঘোষণা হ’ল নতুন SOP। বৰ্তমান ৰাজ্যৰ উন্নত ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই ঘোষণা কৰিলে SOP।

য’ত বহুকেইটা নিষেধাজ্ঞা শিথিল কৰা হৈছে। বিশেষকৈ সান্ধ্য আইন শিথিল কৰাৰ লগতে আন বহুকেইটা গুৰুত্বপূৰ্ণ ঘোষণা ৰাজ্য চৰকাৰৰ।

১)সলনি হ’ল সান্ধ্য আইনৰ সময়। ৰাজ্যত সন্ধিয়া ৭ বজাৰ পৰা পুৱা ৫ বজালৈকে থাকিব সান্ধ্য আইন।

২)৬ বজালৈকে খোলা থাকিব দোকান-পোহাৰ।

৩)কামৰূপ মেট্ৰ’ জিলাক আওঁতাৰ বাহিৰত ৰাখি ব্যক্তিগত যান-বাহনক আন্তঃজিলা যাতায়াতৰ অনুমতি প্ৰদান কৰা হৈছে।

৪)ইঞ্জিনিয়াৰিং আৰু মেডিকেল কলেজৰ গ্ৰেজুৱেট, প’ষ্ট গ্ৰেজুৱেট শিক্ষাৰ্থী, GNM, নাৰ্ছিং ক’ৰ্ছ আৰু এৰোনটিকেল ইঞ্জিনিয়াৰিং পাঠ্যক্ৰমৰ শ্ৰেণীসমূহ দুয়োটা ভেকচিন লোৱা শেষ বৰ্ষৰ শিক্ষাৰ্থীৰ বাবে আৰম্ভ কৰিব পাৰিব।

৫)মুকলি ঠাইত ৰাজহুৱা অনুষ্ঠানৰ বাবে ২০০ জন মানুহ উপস্থিত থাকিব পাৰিব।

৬)বিয়া-সবাহত ২৫জন মানুহ উপস্থিত থাকিব পাৰিব।

৭)সম্পূৰ্ণৰূপে ভেকচিন লোৱা ব্যক্তিৰ সৈতে খুলিব পাৰিব ধৰ্মীয় স্থান-দৌল-দেৱালয়, নামঘৰ। প্ৰতিঘন্টাত উপস্থিত থাকিব নোৱাৰিব ২০ জনতকৈ অধিক লোক।

৮)বন্ধ থাকিব চিনেমা হল, থিয়েটাৰ হল।

৯)ৰাজহুৱা স্থানত মাস্ক পিন্ধাটো বাধ্যতামূলক।

১০)প্ৰত্যেক জিলাত অবৈধভাৱে প্ৰস্তুত কৰা সুৰাৰ বিৰুদ্ধে অব্যাহত থাকিব আৱকাৰী বিভাগৰ অভিযান।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three + 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.