Covid-19অপৰাধঅসমস্বাস্থ্য

ক’ভিডত মৃত্যু হোৱা ব্যক্তিৰ চকু কাঢ়িলে কোনে? মৃতদেহ দেখি শংকিত পৰিয়াল।

ভয়ংকৰ তথ্য

ক’ভিডত মৃত্যু হোৱা ব্যক্তিৰ চকু কাঢ়িলে কোনে? মৃতদেহ দেখি শংকিত পৰিয়াল।
কভিডত মৃত্যু হোৱা যুৱকৰ মৃতদেহ সৎকাৰৰ বাবে অনা হৈছিল গুৱাহাটীৰ শ্মশানত। যিহেতু কভিডত মৃত্যু হোৱা লোকৰ মৃতদেহ পৰিয়ালক গতাই দিয়া নহয় সেই বাবে সৎকাৰৰ বাবে মৃতদেহ চিতাত তোলাৰ সময়তে পৰিয়ালৰ লোকে দূৰৰ পৰাই তুলি ৰাখে ফটো। দুদিন পিছত পৰিয়ালৰ লোটে ফটো কেইখন চাওতে সেই ফটোতেই খোলোচা হয় ভয়ংকৰ তথ্য।
মৃতদেহটো এটা চকুত মৰা আছিল বগা টেপ আৰু পেটৰ তলৰ ফালে কটি থোৱাৰ ষ্পষ্ট চিহ্ন। যেন মৃত্যুৰ পিছতে কোনো অপাৰেচন কৰা হৈছে। হাহাকাৰ লাগে পৰিয়ালৰ লোকৰ মাজত।
মৃতদেহটো চকুত বগা টেপ আৰু পেটৰ তলৰ ফালে কাটি থোৱা দেখি পৰিয়ালৰ লোকৰ মাজত সন্দেহৰ সৃষ্টি হয় যে চকু আৰু কিডনী স্বাস্থ্য বিভাগে বিক্ৰী কৰিছে।
উচিত তদন্তৰ দাবী জনাইছে এতিয়া পৰিয়ালৰ লোকে। মৃত যুৱক জন ধিং ভকতগাঁওৰ ৰাতুল শইকীয়া বুলি জানিব পৰা গৈছে।
যদি এই সন্দেহ সচাঁ হয়, স্বাস্থ্য বিভাগে এই ক্ষেত্ৰত কি পদক্ষেপ ল’ব সেইয়াহে লক্ষ্যণীয় হ’ব।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.