শ্ৰেণীবিহীন

প্ৰথমবাৰৰ বাবে টকিঅ’ অলিম্পিকত পতাকা বাহক থাকিব দুগৰাকী ভাৰতীয়

ক’ৰ’নাতংকৰ মাজতে অনুষ্ঠিত হ’ব টকিঅ’ অলিম্পিক

ভাৰতীয় অলিম্পিক এছ’চিয়েছনে এই কথা টকিঅ’ অলিম্পিকৰ আয়োজক সমিতিক আনুষ্ঠানিক ভাবে জনাইছে যে, ক’ৰ’নাতংকৰ মাজতে অনুষ্ঠিত হ’বলগীয়া টকিঅ’ অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানত ভাৰতৰ জাতীয় পতাকা কঢ়িয়াই নিব উত্তৰ পূৰ্বাঞ্চলৰ গৌৰৱ বক্সিং চেম্পিয়ন মেৰীকমৰ লগতে ভাৰতীয় হকী দলৰ অধিনায়ক মনপ্ৰীত সিঙে।

ভাৰতৰ বক্সাৰ মেৰীকমৰ এইয়া হ’ব দ্বিতীয় অলিম্পিক। ইয়াৰ পূৰ্বৰ অৰ্থাৎ ২০১৬ ৰিঅ’ অলিম্পিকত যোগ্যতা অৰ্জনত ব্যৰ্থ হৈছিল মেৰীকম। ২০১২চনত লণ্ডনত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত প্ৰথমবাৰ মেৰীয়ে ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল।

মেৰীকমৰ পূৰ্বে অসমৰ পৰা লাভলিনা বৰগোহাঁই, পূজা ৰাণী আৰু বিকাশ কৃষ্ণনেও টকিঅ’ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিছে।

টকিঅ’ অলিম্পিকতেই প্ৰথমবাৰৰ বাবে দুগৰাকী ভাৰতীয় পতাকা বাহক থাকিব, তাৰে এগৰাকী মহিলা আৰু আনজন পুৰুষ।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.