অসমউৎসৱমনোৰঞ্জন

এইবাৰ পূজাত ১০০ ফুট উচ্চতাৰ ৰাৱণ! পিছে ক’ত?

সমাগত দুৰ্গা পূজাৰ বিশেষ আকৰ্ষণ ১০০ ফুট উচ্চতাৰ ৰাৱণ

সমাগত দুৰ্গা পূজা। দুৰ্গা পূজা উপলক্ষে উত্তৰ গুৱাহাটীত নিৰ্মাণ কৰা হৈছে ১০০ ফুট উচ্চতাৰ ৰাৱণ।

উত্তৰ গুৱাহাটী বাৰোৱাৰী দুৰ্গাপূজাৰ এইবাৰৰ মূল আকৰ্ষণ এই ১০০ ফুট উচ্চতাৰ ৰাৱণটো।

গুৱাহাটীৰ “চৰকাৰী চাৰু আৰু কাৰু কলা মহাবিদ্যালয়ৰ” এটা যুৱ শিল্পীৰ দলৰ কেইবাজনো লোক ব্যস্ত হৈ পৰিছে ৰাৱণটো নিৰ্মাণ কাৰ্যত।

যোৱা এমাহে ৰাৱণ নিৰ্মাণত ব্যস্ত হৈ আছে শিল্পীৰ দলটো। অহা দুদিনৰ ভিতৰত ৰাৱণৰ মুৰ্তি সাজু হৈ উঠিব বুলি জানিব পৰা গৈছে।

ৰাৱণটো নিৰ্মাণত ব্যয় কৰা হৈছে প্ৰায় ডেৰ লাখ টকা। বাহ, কাপোৰ, কাগজ, ৰং আৰু বিভিন্ন ধৰণৰ সামগ্ৰী ব্যৱহাৰ কৰা হৈছে ৰাৱণটোৰ নিৰ্মাণত।

ব্ৰহ্মপুত্ৰৰ পাৰৰ এক মনোৰম প্ৰাকৃতিক পৰিৱেশত সম্পন্ন হ’ব এই বিশাল ৰাৱণৰ দাহন কাৰ্যসূচী।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.