Covid-19অসমধাৰ্মিক

মঙলবাৰৰ পৰা শক্তিপীঠ কামাখ্যাত আৰম্ভ হ’ব অম্বুবাচী

অনুষ্টুপীয়াকৈ পালন কৰা হব অম্বুবাচী

মঙলবাৰৰ পৰা শক্তিপীঠ কামাখ্যাত আৰম্ভ হ’ব অম্বুবাচী। ক’ভিড পৰিস্থিতিৰ বাবে এইবাৰো পূৰ্বৰ দৰে অনুষ্ঠিত নহয় পৱিত্ৰ অম্বুবাচী মেলা। নীলাচলৰ বুকুত এইবাৰো সমাগম হ’ব নোৱাৰিব দেশ বিদেশৰ পৰা অহা বিভিন্ন সাধু-সন্যাসী তথা সাধাৰণ ভক্তৰ। তাৰ বিপৰীতে কামাখ্যাৰ পূজাৰীয়ে অনুষ্টুপীয়াকৈ পালন কৰিব অম্বুবাচী।

উল্লেখ্য যে ২২ জুন অৰ্থাৎ মঙলবাৰে দিনৰ ২ বাজি ৬ মিনিট ৭ ছেকেণ্ডৰ পৰা অম্বুবাচীৰ প্ৰবৃত্তি হ‘ব। আনহাতে নিবৃত্তি হ‘ব ২৬ জুন শনিবাৰে পুৱতি নিশা ২ বাজি ২৯ মিনিট ৯ ছেকেণ্ডত। ইয়াৰে মাজৰ সময়ছোৱাত অৰ্থাৎ ২৩, ২৪, ২৫ জুনত বন্ধ থাকিব কামাখ্যাৰ মূল দুৱাৰ। সমান্তৰালকৈ ২৬ জুনত খোল খাব মন্দিৰৰ দুৱাৰ।

আনহাতে কামাখ্যা দেৱালয় পৰিচালনা সমিতিয়ে উল্লেখ কৰা অনুসৰি ক’ৰোনা ভাইৰাছৰ পৰিপ্ৰেক্ষিতত ভক্তৰ বাবে ৩০ জুনলৈ বন্ধ থাকিব দেৱালয়ৰ দুৱাৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.