Socialঅসমজীৱনশৈলীমনোৰঞ্জন

আপুনি নিশা অতিবাহিত কৰিব বিচৰা হোটেলৰ ৰূমত থাকিব পাৰে Spy camera! কেনেদৰে গম পাব?

‘গোপন কেমেৰা’! যাক ‘Hidden camera’ Spy camera বুলিও কোৱা হয় এই কেমেৰাৰ বিষয়ে হয়তো কম বেছি পৰিমাণে সকলোৱে জানে। কিন্তু অপুনি জানেনে গোপন কেমেৰাৰ দ্বাৰা অসাধু লোকে কেনেদৰে অন্যায় সাধন কৰিব পাৰে?

‘গোপন কেমেৰা’! যাক ‘Hidden camera’ Spy camera বুলিও কোৱা হয় এই কেমেৰাৰ বিষয়ে হয়তো কম বেছি পৰিমাণে সকলোৱে জানে। কিন্তু অপুনি জানেনে গোপন কেমেৰাৰ দ্বাৰা অসাধু লোকে কেনেদৰে অন্যায় সাধন কৰিব পাৰে?

ভ্ৰমণৰ সময়ত হোটেলই হওক বা লজেই, ৰাতি অতিবাহিত কৰিব বিচৰা আপুনাৰ কোঠাত অসাধু লোকে লুকৱাই ৰাখিব পাৰে গোপন কেমেৰা (hidden camera)।

এনে ঘটনা আজি কালি প্ৰায়ে ঘটি থাকে। আজিৰ জগতখনত প্ৰযুক্তি ইমানেই উন্নত হৈছে যে যি কোনো অপৰাধেই অতি সাধাৰণ হৈ পৰিছে।   গতিকে আমিয়েই সতৰ্ক হ’ব লাগিব। জানি লও আহক গোপনে লুকাই থোৱা কেমেৰা কেনেদৰে বিচাৰি উলিয়াব পাৰি..

ৰূমত সোমোৱাৰ পাছতেই কিছুমান বিশেষ আচবাবত নজৰ দিব লাগে। যেনে, দুৱাৰৰ হেণ্ডেল, লেম্পশ্বেড, দেৱালৰ ঘড়ী, আচহুৱাভাৱে ছবিৰ ফ্ৰেম,  আদি

ৰূমত থকা আইনাখন বাস্তৱ নে দ্বিমুখী বুজিবলৈ এটা সহজ উপায় হৈছে, এটা আঙুলি আইনাখনত দি চালে যদি আঙুলিৰ মূৰ আৰু দাপোণৰ প্ৰতিচ্ছবিৰ মাজত কোনো ব্যৱধান নাথাকে, তেন্তে আইনাখন নকল, লগে লগে এই বিষয়ে বিচাৰ কৰক।

কেমেৰাটো সক্ৰিয় কৰিবলৈ শক্তিৰ উৎসৰ প্ৰয়েজন হয়। সেয়েহে ছুইচ বোৰ্ডৰ ওচৰৰ স্থান, বাল্ব-ইনষ্টলেশ্বন স্পেচ, টেলিভিছনৰ ডিভিডি ডিভাইচবোৰ ভালদৰে পৰীক্ষা কৰিব লাগে।

এইবোৰৰ ওপৰিও আজিকালি মোৱাইলৰ এপ্লিকেছন কিছুমান পোৱা যায়। এই ধৰণৰ এপে কেমেৰা নেটৱৰ্ক চিনাক্ত কৰে। যাৰ জৰিয়তেও ৰূমৰ ভিতৰত গোপন কেমেৰাৰ সন্ধান পাব পাৰি।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fifteen + fifteen =

Back to top button