Covid-19অসমস্বাস্থ্য

আজিৰে পৰা দেশজুৰি বিশেষ টীকাকৰণ অভিযান, ১৫ৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰক দিয়া হ’ব ভেকচিন

দেশজুৰি অব্যাহত পঞ্জীয়ন

◾ আজিৰে পৰা দেশজুৰি বিশেষ টীকাকৰণ অভিযান

◾ সপ্তাহজোৰা কাৰ্যসূচীৰে চলিব এই প্ৰক্ৰিয়া

◾ ১৫-১৮ বছৰীয়া কিশোৰ-কিশোৰীক সামৰিব এই প্ৰক্ৰিয়াই

◾ প্ৰতিখন জিলাত দৈনিক ১৫খনকৈ বিদ্যালয়ত অভিযান

◾ বিদ্যালয়ৰ তালিকা প্ৰস্তুত কৰিব সংশ্লিষ্ট জিলাৰ IS-এ

◾ তালিকাত থাকিব ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানো

◾ লগতে থাকিব কনিষ্ঠ মহাবিদ্যালয় আৰু পলিটেকনিকো

◾ এই সময়ছোৱাত ২০ লাখ কিশোৰ-কিশোৰীক সামৰি লোৱাৰ লক্ষ্য

◾ ইয়াৰ বাবে সাজু স্বাস্থ্য আৰু শিক্ষা বিভাগ

◾ এই অভিযানৰ তদাৰকৰ দায়িত্বত থাকিব জিলা প্ৰশাসন

◾ তদাৰক কৰিব শিক্ষা বিভাগৰ ADCয়ে

◾ চিনাক্ত কৰা হ’ব দ্বিতীয় পালি ভেকচিন নোলোৱা অভিভাৱককো

◾ সংশ্লিষ্টসকলকো এই সময়ছোৱাত ভেকচিন প্ৰদানৰ লক্ষ্য

◾ ফেব্ৰুৱাৰীৰ ভিতৰত ৰাজ্যত ভেকচিনেচন সম্পূৰ্ণ কৰাৰ লক্ষ্য

◾অভিযানে সামৰি ল’ব প্ৰায় ২০ লাখ কিশোৰ-কিশোৰীক

◾ মুখ্যমন্ত্ৰীয়ে দুলীয়াজানৰ শিক্ষানুষ্ঠানত মুকলি কৰিব অভিযান

◾ জিলাই জিলাই উপস্থিত থাকিব মন্ত্ৰীসভাৰ সদস্যসকল

◾ শিক্ষানুষ্ঠানত থাকি নিৰীক্ষণ কৰিব অভিযানৰ কাৰ্যৰূপায়ণ

◾ দুলীয়াজানত মুখ্যমন্ত্ৰীৰ সৈতে থাকিব মন্ত্ৰী অতুল বৰা

◾ মন্ত্ৰী সঞ্জয় কিষাণ আৰু বিমল বৰাও উপস্থিত থাকিব

◾ কামৰূপ মহানগৰত উপস্থিত থাকিব স্বাস্থ্যমন্ত্ৰী

◾ পীযুষ হাজৰিকাও থাকিব কামৰূপ মহানগৰত

◾ কামৰূপ জিলাত থাকিব মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী

◾ শোণিতপুৰত থাকিব মন্ত্ৰী ৰণজিৎ কুমাৰ দাস

◾ গোলাঘাটত থাকিব মন্ত্ৰী অজন্তা নেওগ

◾ হোজাইত থাকিব মন্ত্ৰী পৰিমল শুক্লবৈদ্য

◾ নগাঁৱত থাকিব মন্ত্ৰী ডাঃ ৰণোজ পেগু

◾ চিৰাঙত থাকিব মন্ত্ৰী ঊৰ্খাও গৌৰা ব্ৰহ্ম

◾ চৰাইডেউত থাকিব মন্ত্ৰী যোগেন মহন

◾ কামৰূপ জিলাৰ ১৫ স্থানত দিয়া হ’ব ভেকচিন

◾ ৯ বজাৰ পৰা ৩ বজালৈ দিয়া হ’ব ভেকচিন

◾ পুৱাৰ ভাগত দিয়া হ’ব কামৰূপৰ ৫ স্থানত

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 − seventeen =

Back to top button