অপৰাধঅসম

আক্ৰমণ কৰি দা-খন পেলাই দিয়ে পুখুৰীত…এইবাৰ হত্যাকাৰী ৰূপত পুত্ৰবধু

ছয়গাঁৱৰ বামুণীগাঁও নিজ বগাইত চাঞ্চল্যকৰ ঘটনা। বোৱাৰীৰ দাৰ ঘাপত প্ৰাণ গ’ল শাহু সহ এগৰাকী মহিলাৰ।

মৃত্যু (৫৫)সুশীলা বড়ো আৰুপ্ৰতিভা ৰাভাৰ। প্ৰতিভা ৰাভাৰ ঘৰ পলাশবাৰীৰ ৰাজাপাৰাত।

আঘাতপ্ৰাপ্ত অৱস্থাতে শাহু সুশীলা বড়ো চিকিৎসালয়লৈ নিয়া হৈছিল যদিও পৰৱৰ্তী সময়ত মৃত ঘোষণা কৰে চিকিৎসকে । আনহাতে এই ঘটনাত আহত কাম কৰা ছোৱালী শিৱানী ৰাভা।

হত্যাকাৰীৰ বোৱাৰী উত্তৰা বড়োক গ্ৰেপ্তাৰ কৰে বকো আৰক্ষীয়ে। পাৰিবাৰিক কন্দলৰ বাবে পৰিকল্পিত আক্ৰমণ উত্তৰা বড়োৰ।

কৰ্মসূত্ৰে স্বামী অশোক কুমাৰ বড়ো সৈতে উত্তৰা বড়ো থাকে গুৱাহাটীৰ ৰূপনগৰত। কালি গোপনে হত্যাকাৰী উত্তৰা বড়ো আহে স্বামী গৃহলৈ। পুৱা জধে-মধে দাৰে আক্ৰমণ চলাই উত্তৰা বড়োই। প্ৰায় দহ বছৰে ঘৰখনত কাম কৰা ছোৱালী হিচাপে আছে শিৱানী বড়ো। নিহত প্ৰতিভা ৰাভা তিনিদিন পূৰ্বে কন্যা শিৱানীৰ খৱৰ লবলৈ আহিছিল নিজ বগাইলৈ। হত্যাকাৰীৰ উত্তৰা বড়োই আক্ৰমণ কৰা দাখন পেলাই দিয়ে এটা পুখুৰীত।

ঘটনা সংঘটিত কৰি পলায়ন কৰিব বিচৰা উত্তৰা বড়োক ৰাইজে ধৰি গটাই আৰক্ষীক। সমগ্ৰ ঘটনা সন্দৰ্ভত বকো আৰক্ষী তদন্ত অব্যাহত। ঘটনাক লৈ বামুণীগাঁৱৰ নিজ বগাইত চাঞ্চল্য।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

7 + one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.