অসমআঞ্চলিক

ধিক! অন্ধবিশ্বাসৰ বাবেই ৬০ বছৰীয়া বৃদ্ধক গণপ্ৰহাৰ

কোকৰাঝাৰৰ বল্লমঝোৰা গাঁৱত সংঘটিত হৈছে এই ঘটনা

ধিক! অন্ধবিশ্বাসৰ বাবেই ৬০ বছৰীয়া বৃদ্ধক গণপ্ৰহাৰ

অন্ধবিশ্বাসৰ বলি হ’ল কোকৰাঝাৰ বল্লমঝোৰাৰ এগৰাকী বৃদ্ধ! গোসাইগাঁও থানাৰ অন্তৰ্গত বল্লমঝোৰাৰ ৬০বছৰীয়া বৃদ্ধক অন্ধবিশ্বাসৰ বাবে গঞাই আক্ৰমণ কৰে৷ ঘটনাক কেন্দ্ৰ কৰি সম্প্ৰতি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

ঘটনাৰ পিছতে একাংশ সচেতন ব্যক্তিয়ে আৰক্ষীক অৱগত কৰাত গোসাঁইগাওঁ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ বৃদ্ধগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ ইপিনে ঘটনা সংক্ৰান্তত আৰক্ষীয়ে গাওঁখনৰ সামাজিক গাওঁবুঢ়া ধনেন্দ্ৰ বসুমতাৰীক আটক কৰি সোধ-পোছ অব্যাহত ৰাখিছে৷ বৃদ্ধা গৰাকী গোসাঁইগাওঁ আৰক্ষীৰ জিম্মাত আছে৷

ইপিনে একাংশ সমাজ সচেতন ব্যক্তিয়ে এনে অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ বসবতি হৈ গঞাই ভুল সিদ্ধান্ত গ্ৰহণ কৰা ঘটনাক গৰিহনা দিয়ে৷ সম্প্ৰতি বড়োসমাজক অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ পৰা আতৰাই অনাৰ ক্ষেত্ৰত বুদ্ধিজীৱী মহলক আগুৱাই আহিবলৈ আহ্বান জনাই গোসাঁইগাৱঁৰ সচেতন সমাজকৰ্মীসকলে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen − 17 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.